July 3, 2024 7:34 PM | Assam Flood

printer

ৰাজ্যত এইবাৰৰ বানত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু

অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুর্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ ৪২ হাজাৰ ৪৭৬ হেক্টৰ কৃষি ভূমি পানীত বুৰ গৈছে। চৰকাৰ আৰু প্ৰশাসনে স্থাপন কৰা ১৩০টা সাহায্য শিবিৰত ১৮ হাজাৰ ৪৫৯ জন লোকে আশ্রয় গ্রহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত ৩৯ জন লোকৰ মৃত্যু হৈছে। আজি মৰিগাঁৱত এজন লোকৰ বানত মৃত্যু হয়। ইপিনে, অসমৰ বান পৰিস্থিতি অত্যন্ত জটিল যদিও প্রশাসনে এই পৰিস্থিতিত জনসাধাৰণক সকাহ দিয়াৰ বাবে সকলো প্ৰচেষ্টা লৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ বানৰ সমস্যাৰ পৰা মুক্ত হ’ব বুলি আশা প্রকাশ কৰে। মুখ্যমন্ত্রীগৰাকীয়ে আজি কামৰূপৰ গৰল ভট্টাপাৰা আৰু ৰাণীচাপৰিব জনসাধাৰণৰ ওচৰলৈ গৈ বান পৰিস্থিতিৰ ফলত তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বুজ লয়। তেওঁ ৰাইজক প্ৰশাসনৰ তৰফৰ পৰা সকলো সাহায্য আগবঢ়োৱা হ’ব বুলি আশ্বাস দিয়ে। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জখলাবন্ধাৰ সমীপৰ হাতীমূৰাৰ মথাউৰিটো কালি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়াৰ পাছত উদ্ভৱ হোৱা বান পৰিস্থিতি তদাৰক কৰাৰ বাবে মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰত বাহৰ পাতি আছে। মন্ত্ৰীগৰাকীয়ে স্থানীয় প্রশাসনৰ জৰিয়তে ক্ষতিগ্রস্ত পৰিয়ালসমূহক সাহায্য আৰু বানৰ কবলত পৰাসকলক উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰি তুলিবলৈ মহকুমা প্ৰশাসনক নির্দেশনা জাৰি কৰিছে। গোলাঘাট জিলাৰ বান ক্ষতিগ্রস্ত বিভিন্ন স্থানত প্রশাসনে চিকিৎসা, সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। জিলাখনত বানৰ সমান্তৰালকৈ খহনীয়াৰ ফলত জনসাধাৰণ ক্ষতিৰ সন্মুখীন হৈছে। গোলাঘাট জিলাৰ ধনশিৰিপাৰ শালমিৰা গাঁৱৰ দহটা পৰিয়াল খহনীয়াত ক্ষতিগ্রস্ত হোৱাৰ লগতে তিনিটা পৰিয়ালৰ বাসগৃহ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰৰ বানে জিলাখনৰ মায়ং লাহৰিঘাট আৰু ভূৰাগাঁও ৰাজহচক্ৰৰ প্ৰায় ১৬০ খন গাঁও বুৰাই পেলোৱাত পৰিস্থিতি জটিল হৈ পৰিছে। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি জিলাখনৰ কমেও ২ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। পবিতৰা অভয়াৰণ্যৰ প্রায়ভাগ অঞ্চল সম্পূর্ণৰূপে বানত বুৰ গৈছে। বন্যপ্রাণীসমূহে ওখ ঠাইত আশ্ৰয় ল’বলগীয়া হৈছে। ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিস্তীর্ণ এলেকা জলমগ্ন হৈ আছে। উদ্যানখনত বানৰ ফলত এটা গঁড়ৰ পোৱালিকে ধৰি চাৰিটা বন্যজন্তুৰ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২৩ টা বন শিবিৰৰ ভিতৰত ১৬৫ টা বন শিবিৰ এলেকা প্লাৱিত হৈছে। পাণবাৰী, হালধিবাৰী, কাঞ্চনজুৰি আদি কৰিডৰৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বহু এলেকাৰে বন্যপ্রাণীসমূহ কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে। আনহাতে, একাংশ বন্য জন্তুৱে ওখ স্থানসমূহত আশ্ৰয় লৈছে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বন্য জন্তুসমূহ যাতে যান-বাহনৰ খুন্দাত হতাহত নহয়, তাৰবাবে বন আৰক্ষী আৰু পৰিবহণ বিভাগ সষ্টম হৈ আছে। জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি মাজুলী ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়া আউনীআটি সত্ৰৰ সমীপৰ যুগুনিধাৰী মথাউৰিৰ স্থান পৰিদর্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। কাইলৈৰ পৰা এই মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি মাজুলীৰ লুইত খাবলুত ১২-ৰ পৰা ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক বানত ক্ষতি হোৱা বাসগৃহৰ বাবে কাইলৈৰ ভিতৰত চৰকাৰী সাহায্য দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। যোৰহাট জিলাৰ বিভিন্ন অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। আজি পশ্চিম যোৰহাটৰ চক্ৰ বিষয়াই এছ ডি আৰ এফ দলৰ সৈতে বামুণীবিল, আমগুৰিব বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। একেদৰে তিনিচুকীয়া জিলাৰ আয়ুক্তই আজি ডিবাক গাঁও পঞ্চায়তৰ অন্তৰ্গত চোমনি গাঁও পৰিদৰ্শন কৰি বানে কৰা ক্ষয়-ক্ষতিৰ বুজ লয়। তেওঁ লগতে নদিহিং নৈব মথাউৰি পৰিদৰ্শন কৰে। ডিব্ৰুগড় জিলাৰ বান ক্ষতিগ্রস্ত বিভিন্ন স্থানত জনস্বাস্থ্য কাৰিকৰী বিভাগে ক্ষতিগ্রস্ত ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ লগতে পানী বিশুদ্ধকৰণৰ বাবে হেলোজেন টেবলেট বিতৰণ কৰিছে। কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ কান্দিগ্রাম অঞ্চলৰ মথাউৰি বৰাক নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰাৰ ফলত জগন্নাথপুৰ, কান্দিগ্রামকে ধৰি বিস্তীর্ণ অঞ্চল বানত বুৰ গৈছে। বৰপেটা জিলাত ব্ৰহ্মপুত্ৰৰ লগতে কেইবাখনো নৈব জলস্তৰ বৃদ্ধি পাইছে। বৰপেটা জলসম্পদ সংমণ্ডলৰ শেহতীয়া তথ্য অনুসৰি জিলাখনত ব্ৰহ্মপুত্ৰ, নখান্দা, মৰা চাউলখোৱা, ভেলেঙী, কালদিয়া আৰু পহুমাৰা নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জিলাখনৰ দক্ষিণ প্রান্তৰ ঐতিহাসিক ডক্ৰেশ্বৰ, বাৰাদিকে ধৰি কেইবাখনো গাঁৱলৈ শংকা নমাই আনিছে। ডক্ৰেশ্বৰ দেৱালয়ৰ সমীপত নৱ-নিৰ্মিত মথাউৰিটোৰ তলেৰে ব্ৰহ্মপুত্ৰ পানী নিগৰিবলৈ ধৰাৰ ফলত দেৱালয়খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ লগতে কাষৰীয়া ৰাইজৰ মাজত আশংকাই দেখা দিছে। ইফালে, গোৱালপাৰা জিলাত বানে জটিল ৰূপ লৈছে। জিলাখনত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাত জলেশ্বৰ সমষ্টিৰ বিস্তীর্ণ অঞ্চল বানৰ কৱলত পৰিছে। গোৱালপাৰা চহৰৰ ১২ নম্বৰ ৱাৰ্ডৰ নতুন বস্তিত আৰু বলদমাৰীত কেইবাটাও বাসগৃহ পানীত বুৰ গৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰিছে। উল্লেখযোগ্য যে অসমৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্র তথা অন্যান্য নৈ-উপনৈসমূহ ওফন্দি ঠায়ে ঠায়ে মথাউৰি ছিগি বিভিন্ন অঞ্চল বুৰাই পেলাইছে। দুলীয়াজান সমষ্টিৰ টেঙাখাট হাতীবন্ধা ঘুমতলত বুঢ়ীদিহিং নৈৰ কাষতে থকা মথাউৰিটো কালি প্ৰায় ৫০ মিটাৰ অংশ ছিঙি যোৱাৰ ফলত দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল বানত বুব যায় ৷

অধিক পঢ়ক

সকলো চাওক