ৰাজ্যত আগন্তুক পাঁচ দিনৰ বাবে বতৰ অপৰিৱৰ্তিত হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰিছে। এই দিনকেইটাত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হ’ব বুলি ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। ৰাজ্যৰ কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ আৰু দুই-এঠাইত গাজনি-ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।
Site Admin | October 5, 2024 9:40 AM | Asaam | Assam Weather | IMD Alert | Weather