ৰাজ্যজুৰি ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৩ ছেপ্তেম্বৰ দিনটোত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ জজ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হয়। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সমূহীয়া দৌৰৰ নেতৃত্ব দিয়ে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু প্ৰৱীণ খেলুৱৈ তৈয়বুন্নেছাই। খেলুৱৈ দুগৰাকীৰ লগতে ক্রীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে। সমূহীয়া দৌৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অসম আৰক্ষী আৰু বহু সংখ্যক সাধাৰণ লোকে অংশগ্ৰহণ কৰে। শিৱসাগৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি ভোগেশ্বৰ বৰুৱাই নিজৰ জন্মদিন উযাপন কৰে। নিজৰ বক্তব্যত তেওঁ অসমত খেলুৱৈ সৃষ্টিত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত চৰকাৰক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। তামুলপুৰত আজি অভিৰুচি ক্রীড়া দিৱস উপলক্ষে ইউ পি পি এলৰ যুৱক শাখাই প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। তামুলপুৰৰ নাগ্ৰিজুলিৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈ অনুষ্ঠিত কৰা এই প্রতিযোগিতাত ১২০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। তেজপুৰৰ দ-পৰ্বতীয়া ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আজি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা সামূহিক দৌৰ অনুষ্ঠিত কৰাৰ লগতে বিয়লি প্রদর্শনীমূলক ভলীবল প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। বাক্সাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আজি অভিৰুচি ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি ইউ পি পি এলৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলাতো সমূহীয়া দৌৰ কাৰ্যসূচীৰে অভিৰুচি দিৱস উদযাপন কৰা হয়। টংলা ক্রীড়া সন্থাৰ উদ্যোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে জিলাখনৰ উপ-আৰক্ষী অধীক্ষক দুৰ্গাকিংকৰ শৰ্মাই। অভিৰুচি ক্ৰীড়া দিৱসত এইবাৰ ৭ গৰাকী খেলুৱৈলৈ ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে। বেডমিণ্টন খেলুৱৈ বৰ্ণালী আকাশ চাংমাই, পেৰা ছুইমাৰ কৃষ্ণ দাস, চাইক্লিং খেলুৱৈ অভিশেষ বি গগৈ, শৰীৰৰ প্ৰশিক্ষক ৰাজীৱ দে’ আৰু কল্যাণ বৰ্মন, ভাৰোত্তোলনৰ প্ৰশিক্ষক অনুপ কোঁৱৰ, এথলেটিক প্রশিক্ষক উত্তৰ সন্দিকৈলৈ অভিৰুচি ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক