ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উদযাপন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলীৰ সত্ৰসমূহত তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে সত্ৰপীঠ মাজুলীত ভক্তিসত বুৰ গৈছে। মাজুলীৰ সকলো সত্ৰ আৰু নামঘৰত ৩-৪ দিনীয়া কাৰ্যসূচীৰে জন্মোৎসৱৰ পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন নামঘৰত বৰগীত, দিহানাম আৰু চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। শনিবাৰে পুৱাৰ ভাগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্রা অনুষ্ঠিত হোৱাৰ পাছত ধর্মালোচনা সভাৰ লগতে নিশালৈ মাজুলীৰ প্ৰায়সংখ্যক নামঘৰত ভাওনা পৰিৱেশন কৰা হয়। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশেষকৈ বটদ্ৰৱা সত্ৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। ইপিনে, নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত কলিয়াবৰৰ জখলাবন্ধা সত্ৰত গুৰুজনাৰ জন্মোৎসৱ আয়োজিত হৈছে। তিনিচুকীয়াত মহাপুৰুষজনাব জন্মোৎসৱ উপলক্ষে জিলাৰ নামঘৰসমূহ হবিনামেৰে মুখৰিত হৈ উঠে। তিনিচুকীয়া নগৰৰ সমীপৰ ৰঙাগড়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেব জন্মোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। জিলাখনৰ কাকপথাৰ ৰাজহুৱা নামঘৰতো গায়ন-বায়নেৰে মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰা হয় ৷ সত্ৰনগৰী বৰপেটাৰ লগতে জিলাখনৰ প্ৰায় সকলো সত্ৰ, নামঘৰত মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰা হৈছে। বৰপেটা সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। এই উপলক্ষে নাম প্ৰসংগ, ভাগৱত ভ্রমণ, ধর্মালোচনা সভা আদি বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। একেদৰে গুৰুজনাই জীৱনৰ সর্বাধিক সময় অতিবাহিত কৰা পাটবাউসীৰ শংকৰদেৱৰ থান, সুন্দবীদিয়া সত্ৰ, গণককুচি সত্র, বাবাদি সত্ৰ, কমাৰকুচি সত্ৰ আদিত আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা ৰোডৰ শাখা সত্ৰ-নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। হাউলীৰ দলাগাঁৱতো দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কালিৰে পৰা জন্মোৎসৱ পালন কৰা হয়। ধুবুৰী জিলাৰ গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰৰ লগতে কোচবিহাৰৰ মধুপুৰ সত্ৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন হয়। মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকতৰ পৰিচালনাত পুৱা প্ৰভাতী কীর্তনেৰে জন্মোৎসৱৰ শুভাৰম্ভণি কৰা হৈছিল। এই উপলক্ষে মধুপুৰ সত্ৰ চৌহদৰ পৰা ভাগৱত শোভাযাত্রা উলিওৱা হয়৷ গোৱালপাৰা জিলাৰ সত্ৰ আৰু নামঘৰসমূহতো শ্রীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে বিভিন্ন ভক্তিমূলক কার্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা নগৰৰ শ্যামৰাই সত্ৰত এইবাৰ ১০ অক্টোবৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে। একেদৰে জিলাখনৰ বগুৱানব ঐতিহাসিক হাটীসত্ৰতো জন্মোৎসৱৰ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ ১২৯ খন শাখাই আজি নামঘৰসমূহত মহাপুৰুষজনাৰ জন্মোৎসৱ পালন কৰিব। এই উপলক্ষে আজি প্রাতঃ প্ৰসংগ, পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, শোভাযাত্রা, ধর্মালোচনা সভাকে ধৰি বিভিন্ন কাৰ্যসূচী শাখাসমূহে আয়োজন কৰিছে। ইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰীৰ জিলা শাখাৰ আতিথ্যত তথা বৃহত্তৰ গুৱাহাটীৰ ৰাইজৰ সহযোগত অহা ১৯ আৰু ২০ অক্টোবৰত ৰূপনগৰৰ বংশীৰাম বড়ো সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক