ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু পালন কৰে। বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত আজি জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কার্যসূচী অনুষ্ঠিত হয়।
শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে আজি মুকলি বিহু উদযাপন কৰা হয়। পুৱা বিহুৱান উত্তোলনকে ধৰি স্মৃতি তৰ্পণ, জ্যেষ্ঠজনক সেৱা, জলপান গ্রহণ, কণীযুঁজ আদি বিভিন্ন কাৰ্যসূচীৰে তলাতল ঘৰৰ বাকৰি জীপাল হৈ পৰে। অনুষ্ঠানত নিমাইজান হুঁচৰি দলকে ধৰি পাঁচযোৰা আমন্ত্ৰিত হুঁচৰি দল আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে নৃত্য পৰিৱেশন কৰে। সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ উদ্যোগত আজি বৰ্ডিং খেলপথাৰতো দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহুৰ আয়োজন কৰা হয়। অনুষ্ঠানত বহুকেইটা দলে বিহু, হুঁচৰিৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে।
মৰাণ জনগোষ্ঠীৰ লোকসকলে আজি গৰু বিহু পালন কৰিছে। মৰাণসকলে পৰম্পৰাগতভাৱে ব’হাগৰ প্ৰথম বুধবাৰে গৰু বিহু আৰু প্ৰথম বৃহস্পতিবাৰটোত মানুহ বিহু উদযাপন কৰে। ৰাজ্যৰ আন এটা চহকী জনগোষ্ঠী দেউৰীসকলেও আজি ব’হাগৰ প্ৰথম বুধবাৰে দেউৰী বিহু উদযাপন কৰিছে। ঐক্য-সম্প্রীতি বাৰ্তা বিলাই সমাজত একতাৰ জৰীডাল সুদৃঢ় কৰি তোলা জনগোষ্ঠীয় লোকসকললৈ সাংস্কৃতিক মন্ত্রী বিমল বৰাকে ধৰি কেইবাজনো মন্ত্ৰী, বিধায়কে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰপীঠ মাজুলীতো গোসাঁই বিহুৰ দিনা নামঘৰ আৰু সত্ৰসমূহত ভক্তিপ্ৰাণ ৰাইজে ধূপ-চাকি জ্বলাই বছৰটো সুকলমে পাৰ হ’বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ চৌধুৰীপাৰাত এবছুৰ বাক্সা জিলাৰ সমিতিৰ উদ্যোগত আৰু চাপাগুৰি ককলাবাৰী আঞ্চলিক সমিতিৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ৰংজালী বৈসাগু উৎসৱ পালন কৰা হয়। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে বৈসাগু বড়োসকলে নিজৰ সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰি পালন কৰা এটা বতৰৰ উৎসৱ। মন্ত্ৰী ব্ৰহ্মৰ লগতে অনুষ্ঠানত এবছুৰ সভাপতি নন্দেশ্বৰ বড়ো, বিটিআৰৰ কাৰ্যবাহী কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বিটিআৰ পৰিষদৰ অধ্যক্ষ কাটিৰাম বড়ো, ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বড়ো, শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
বজালী জিলাৰ অন্তৰ্গত বৰনলীকুছি গাঁৱৰ শ্ৰীশ্ৰীগোপীনাথ থানতো ৰঙালী বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। থানখনত বিহুৰ পতাকা উত্তোলন, গছপুলি ৰোপণ, গোসাঁই চাট উত্তোলন, ৭ বছৰৰ পৰা ১০ বছৰ বয়সৰ ল’ৰাৰ গৰখীয়া সেৱা অনুষ্ঠানৰ লগতে চিত্রাংকন, ভেশছন প্রতিযোগিতা, তেলগছ বগোৱা প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
নলবাৰীৰ ঐতিহ্যমণ্ডিত গর্ডন খেলপথাৰত আজি একেলগে ৩ হাজাৰ নাচনীয়ে বিহু নাচ পৰিৱেশন কৰি ইতিহাস ৰচনা কৰে। নলবাৰী মহকুমা বিহু সন্মিলনীৰ উদ্যোগত আয়োজিত এই নৃত্যৰ কাৰ্যসূচী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উদ্বোধন কৰে।
কামৰূপ জিলাতো আজি প্ৰতিখন সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়ত গোসাঁই বিহু উপলক্ষে পুৱাৰে পৰা নাম প্ৰসংগ, পূজা-অৰ্চনা কৰা হয়। উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰ, দীর্ঘেশ্বৰী দেৱালয়, হাজোৰ মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ, বাইহাটা চাৰিআলিৰ মদন কামদেৱ, পিংগলেশ্বৰ দেৱালয়, শুৱালকুছিৰ শ্ৰীহাটী সত্ৰ, ছয়গাঁৱৰ মা চণ্ডিকা দেৱালয় আদিত গোসাঁই বিহু উপলক্ষে আজি অগণন ভক্তৰ সমাগম হয়।
Site Admin | April 16, 2025 7:29 PM | Assam Gosai Bihu
ৰাজ্যজুৰি ধৰ্মীয় ৰীতি-নীতিৰে গোসাঁই বিহু উদযাপন
