ৰাজ্যজুৰি আনন্দ উছাহৰ মাজেৰে ব’হাগ বিহু পালন

আজি গোসাঁই বিহু। সাদিনীয়া বিহুৰ তৃতীয় দিনটো অসমবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। ইফালে, ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উছাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰি, গণেশগুৰি, নুনমাটি, বেলতলাকে ধৰি বিভিন্ন ঠাইত মঞ্চবিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। লখিমপুৰ জিলাত অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা জিলা সমিতিৰ উদ্যোগত ১৩৩ সংখ্যক কেন্দ্ৰীয় আম্বেদকাৰ জয়ন্তী উপলক্ষে কালি মুকলি বিহুৰ আয়োজন কৰা হয়। গোলাঘাট জিলাৰ হাতীয়েখোৱাত ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত আয়োজিত মুকলি বিহুৰ কাৰ্যসূচীত ডেকা-গাভৰুৰ লগতে কণ-কণ শিশুৱে অংশগ্ৰহণ কৰে। আনহাতে কামৰূপ জিলাৰ ছয়গাঁৱৰ আমতলা গাঁৱৰ ৰঙালী বিহুৰ মঞ্চত কালি পহিলা ব’হাগৰ দিনা ব্যতিক্রমী পৰিবেশ দেখিবলৈ পোৱা যায়। বিহু মঞ্চত বৈষ্ণৱ ভকতক শ্রীমদ্ভাগৱত গীতা, চেলেং, গামোচা আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বয়োজ্যেষ্ঠ গাঁওবুঢ়াক সম্বর্ধনা জনোৱা হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে প্ৰৱাসত থকা অসমীয়াসকলেও ৰঙালী বিহু উলহ মালহেৰে পালন কৰাৰ বাতৰি পোৱা গৈছে।

অধিক পঢ়ক

সকলো চাওক