৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কয়, যে ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে চৰকাৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত বিভিন্ন বিদ্ৰোহী গোটে অস্ত্ৰ সম্বৰণ কৰাৰ কথাও উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে কয়, যে অসমৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় গড়তকৈ বৃদ্ধি পাইছে। ৰাজ্যৰ জনমুৰি আয় পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা বুলিও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে।
বহু নতুন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য প্রতিষ্ঠানসমূহে কাম কৰিবলৈ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত শিক্ষাখণ্ডৰ আন্তঃগাথনি উন্নয়ন অভূতপূর্বভাৱে বৃদ্ধি পাইছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে অসম চৰকাৰে যিকোনো ধৰণৰ অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। ড্ৰাগছ সৰবৰাহ, মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ, বাল্য বিবাহ, মানৱ সৰবৰাহ, বন্য প্রাণী সৰবৰাহ, চাইবাৰ অপৰাধ আদিৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নীতি গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে । মিছন বসুন্ধৰাৰ পূৰ্বৰ দুটা পৰ্যায়ৰ সফল ৰূপায়ণৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে ২০২৪ চনৰ অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায় আৰম্ভ কৰিছে। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ৭ লাখ হিতাধিকাৰীলৈ ৩৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। বিগত বৰ্ষত ৬৬ লাখ পৰিয়ালক নগদবিহীন বীমাৰ দ্বাৰা সামৰি লোৱাৰ কথাও শ্রীআচাৰ্যই প্ৰকাশ কৰে৷ জলজীৱন অভিযানৰ অধীনত অসম চৰকাৰে উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে ইয়াৰ দ্বাৰা জনসাধাৰণলৈ বিশুদ্ধ খোৱাপানীৰ যোগান সুনিশ্চিত কৰা হৈছে। জলজীৱন আঁচনিৰ অধীনত ৫৮ লাখতকৈও অধিক লোকৰ ঘৰত নলযোগে খোৱাপানীৰ যোগান ধৰা হৈছে। গাওঁসমূহৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰি ৰাজ্যপাল শ্রীআচার্যই কয়, যে প্রধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত বৰ্তমানলৈ ১৯ লাখ ৫০ হাজাৰ টা পকী গৃহ নিৰ্মাণ কৰা হৈছে। গ্রামীণ নিয়োগৰ ক্ষেত্ৰত এম জি এনৰেগাৰ অধীনত বহু লোকে কর্মসংস্থাপন লাভ কৰিছে। ইপিনে, ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ দ্বাৰা এশ শতাংশ প্রত্যক্ষ লাভালাভ হস্তান্তৰকৰণৰ দিশত দেশৰ ভিতৰতে অসমে প্রথম স্থান লাভ কৰাৰ কথাও ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।
Site Admin | January 26, 2025 6:43 PM | Assam Governor participate the 76th Republic Day at Ghy