August 25, 2024 10:56 AM | Drishtipat | MSME

printer

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত চৰকাৰৰ মনোনিবেশ

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত মনোনিবেশ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয়ৰে অর্ধপৰিবাহী প্ৰকল্পৰ নিৰ্মাণৰ কাম অব্যাহত আছে। ইয়াৰ ফলত ১৮ হাজাৰৰো অধিক লোকৰ কৰ্মসংস্থাপন হোৱাৰ সম্ভাৱনা আছে। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডাঃ লক্ষ্মনন এছ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ইয়াৰ ফলত বৰ্তমান সময়ত বিদেশৰ পৰা আমদানি কৰা অৰ্ধপৰিবাহী সামগ্রী পৰিৱৰ্তে আমাৰ দেশত নির্মিত সামগ্ৰি ৰপ্তানি কৰিব পৰা যাব। বৰ্তমান ৰাজ্যখনত উদ্যোগ খণ্ডৰ বাবে সোণালী সময় বুলি তেওঁ প্ৰকাশ কৰে। বর্তমান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উদ্যোগ খণ্ডকে ধৰি আন বিভিন্ন খণ্ডৰ সামগ্রিক বিকাশৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। আকাশবাণীৰ সংবাদদাতা মানস প্ৰতীম শৰ্মাই আঁতধৰা অনুষ্ঠানত তেওঁ কয় যে, বর্তমান এম এছ এম ই অর্থাৎ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডত ভালেমান বিকাশ সাধন হৈছে। ৰাজ্যখনত ষ্টার্টআপৰ জৰিয়তে নতুনকৈ ব্যৱসায় কৰাৰ বাবে ভালেমান ব্যৱস্থা সহজলভ্য কৰি তোলা হৈছে বুলি তেওঁ অৱগত কৰে। এই খণ্ডত অন্তৰ্ভুক্ত উদ্যোগীসকলৰ বাবে ঋণ লোৱাৰ ব্যৱস্থা সহজ কৰি তোলা হৈছে। তেওঁ কয় যে, গুৱাহাটীত ব্যৱসায় কৰাৰ বাবে দক্ষিণ-পূব এছিয়াৰ ভালেমান দেশে বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষ সহযোগিতা আগবঢ়াই আহিছে। এই প্ৰসংগত তেওঁ গুৱাহাটীত বাংলাদেশ আৰু ভূটানৰ উচ্চাযুক্তৰ কাৰ্যালয় স্থাপন কৰাটো উল্লেখযোগ্য বুলি অভিহিত কবে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দ্বিতীয়টো টার্মিনেল নির্মাণৰ প্ৰসংগত তেওঁ কয় যে, বৰ্তমান সময়ত গুৱাহাটী বিমান বন্দৰটো দেশৰ অন্যতম ব্যস্ততাপূৰ্ণ বিমান বন্দৰ হিচাপে পৰিগণিত হৈছে। বৰ্তমান গুৱাহাটীলৈ আন্তঃৰাষ্ট্ৰীয় বিমানৰ সংখ্যা বৃদ্ধি হোৱা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে অসম ঔদ্যোগিক বিকাশ নিগমৰ পৃষ্ঠপোষকতাত আন সংশ্লিষ্ট পক্ষৰ সৈতে গুৱাহাটী বিমান বন্দৰত এটা কার্গো টার্মিনেল স্থাপন কৰা হ’ব বুলি অৱগত কৰে। ইয়াৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সামগ্রি ব্যাপক পৰিমাণত ৰপ্তানি কৰিব পৰা যাব বুলি ডাঃ লক্ষ্মনন এছে অৱগত কৰে। লগতে কর্মসংস্থাপনো বৃদ্ধি পাব বুলিও তেওঁ জানিবলৈ দিয়ে। গুৱাহাটীত স্থাপন কৰিবলগীয়া আই আই এমৰ প্ৰসংগত তেওঁ ৰাজ্যখনত বিগত ৭ৰ পৰা ৮ বছৰত অৰ্থনৈতিক বিকাশ অধিক ত্বৰান্বিত হৈছে বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক