অসম চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে আৰু ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুৰ্নীতি ৰোধ কৰাৰ বাবে নীতিৰ সংস্কাৰ সাধনৰ উপৰি দুৰ্নীতিত লিপ্ত বিষয়াসকলক চিনাক্ত কৰি শাস্তি বিহাৰ ব্যৱস্থাও কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতি অনুসৰি ২০২১ চনৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে দুই শতাধিক গোচৰ ৰুজু কৰাৰ লগতে ২৫৬ জন লোকক আটক কৰা হৈছে। ইয়াৰ ভিতৰত ২৩৬ জন চৰকাৰী চাকৰিয়াল আৰু ২০ জন মধ্যভোগী বুলি তেওঁ উল্লেখ কৰে। এই সময়ছোৱাত অসাধু উপায়েৰে সংগ্ৰহ কৰা ৭ কোটি ৮০ লাখ ৮৪ হাজাৰৰো অধিক ধন জব্দ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
Site Admin | November 3, 2024 6:39 PM | Assam CM
ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ
