ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে সদ্য অনুমোদিত প্রধানমন্ত্রী ই-বাছ সেৱা পেমেণ্ট ছিকিউৰিটি মেকানিজিম আঁচনিখনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে ৩৮ হাজাৰতকৈ অধিক ইলেকট্রিক বাছ নিয়োগ কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ৰাজহুৱা পৰিবহণ ই-বাছ ক্ৰয় আৰু পৰিচালনাৰ বাবে ৩,৪৩৫.৩৩ কোটি টকা ব্যয়সাপেক্ষ আঁচনিখনত অনুমোদন জনাইছে। আঁচনিখনে নিয়োগৰ পৰা ১২ বছৰলৈকে ই-বাছৰ পৰিচালনাত সহায় কৰিব। উল্লেখযোগ্য যে বর্তমান চলাচল কৰি থকা বাছসমূহৰ অধিকাংশই ডিজেল আৰু চি এন জিৰ দ্বাৰা চলাৰ ফলত পৰিৱেশত বিৰূপ প্ৰভাৱ পেলোৱাৰ বিপৰীতে ই-বাছসমূহ অন্য বাছসমূহৰ তুলনাত পৰিৱেশ অনুকূল হোৱাৰ লগতে পৰিচালনা ব্যয় কম হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক