বিশ্ববিদ্যালয় অনুদান আয়োগে ৰাজস্থানৰ তিনিখন বিশ্ববিদ্যালয়ক ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা পৰৱৰ্তী ৫ বছৰৰ বাবে পি এইচ ডি শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰাৰ পৰা বাৰণ কৰিছে। এই বিশ্ববিদ্যালয় ৩ খন হৈছে– OPJS বিশ্ববিদ্যালয়, ছানৰাইজ বিশ্ববিদ্যালয় আৰু ছিংঘানিয়া বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনে পি এইচ ডিৰ বাবে থকা নীতি-নির্দেশনা পালন নকৰা বুলি আয়োগৰ স্থায়ী কমিটিয়ে তথ্য লাভ কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
Site Admin | January 17, 2025 10:41 AM | UGC Notice
ৰাজস্থানৰ তিনিখন বিশ্ববিদ্যালয়ক ৫ বছৰৰ বাবে PHD শিক্ষাৰ্থীৰ নাম পঞ্জীয়নত নিষিদ্ধ
