ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে প্রতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিপূৰ্বে নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে। ৰাজ্যপালৰ সাংবিধানিক পদ মর্যাদা দলীয় ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেষ্টনী ভংগ কৰি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা চলোৱাৰ লগতে বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰি এই সন্দৰ্ভত ৰেকৰ্ড হোৱা ভিডিঅ’ পর্যালোচনাৰ লগতে অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
ৰাজ্যৰ ৰাজধানী দিছপুৰত আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে গুৱাহাটী পূব আৰক্ষী জিলাৰ উপ-আয়ুক্ত মৃণাল ডেকাই কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজধানী চৌহদৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৫ জনৰ অধিক লোকৰ সমাগম আৰু অনুমতি অবিহনে প্রতিবাদ, শোভাযাত্ৰা আৰু শ্ল’গান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত জনসাধাৰণৰ শান্তি বিঘ্নিত কৰা কাৰ্যকলাপ আৰু অযথা জনসমাগম নিষিদ্ধ কৰাৰ ক্ষমতা কৰ্তৃপক্ষক দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক