September 8, 2024 11:24 AM | Russia-Ukraine War

printer

ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ইটালীৰ প্ৰধানমন্ত্রীৰ মন্তব্য

ইটালীৰ প্ৰধানমন্ত্রী জিঅ’ ৰজিয়া মেলনিয়ে কৈছে যে, ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনৰ দৰে দেশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদমীৰ পুটিনে এই সংঘাত নিৰাময়ৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰাৰ পাছতেই ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি ইক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে হোৱাৰ সাক্ষাতৰ পাছতেই এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত ইউক্রেইন ভ্ৰমণৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ সংঘাত নিৰাময়ৰ বাবে দেশ দুখনে সময় নষ্ট নকৰাকৈ আলোচনাত মিলিত হ’ব লাগে বুলি উল্লেখ কৰাৰ লগতে অঞ্চলটোত শান্তি ৰক্ষাৰ বাবে ভাৰত সক্রিয় ভূমিকা গ্ৰহণ কৰিবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক