বিদেশ মন্ত্রী ড° এছ জয়শংকৰে নিউয়র্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৭৯ সংখ্যক সাধাৰণ সভাৰ আপাহতে যোৱানিশা ৰাছিয়াৰ বিদেশ মন্ত্রী ছাৰ্গেই লেভৰভৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড° জয়শংকৰে কয় যে, বৈঠকৰ সময়ত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক সহযোগিতা আৰু বিভিন্ন আঞ্চলিক বিষয় লৈ আলোচনা কৰে। ড° জয়শংকৰে নিউজিলেণ্ডৰ বিদেশ মন্ত্রী উইনষ্টন পিটাকো সাক্ষাৎ কৰে। তেওঁ লগতে বেলজিয়ামৰ প্ৰধানমন্ত্রী আলেকজেণ্ডাৰ ডি ক্রুককো সাক্ষাৎ কৰে আৰু উৎপাদন আৰু প্রযুক্তি সহযোগিতাৰ লগতে ইউক্রেইনৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। বিদেশমন্ত্ৰীগৰাকীয়ে গ্ৰীচৰ বিদেশ মন্ত্রী জিঅ’গছ গেৰাপেট্ৰিটিছৰ সৈতেও শক্তি, যোগাযোগ তথা প্ৰতিৰক্ষাকে ধৰি বিভিন্ন বিষয় লৈ বাৰ্তালাপ কৰে । ড° জয়শংকৰে ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লামিৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে উভয় দেশৰ সৰ্বাত্মক কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে। সাধাৰণ সভাৰ আপাহতে বিদেশ মন্ত্ৰীগৰাকীয়ে বিভিন্ন দেশৰ প্ৰতিনিধি আৰু কূটনীতিবিদক সাক্ষাৎ কৰে। ইয়াৰ ভিতৰত কাজাখস্তানৰ বিদেশ মন্ত্ৰী নাৰ্টলেউ আৰু মৰক্কোৰ বিদেশ মন্ত্ৰী নাছেৰ বৌৰিতা অন্যতম।
Site Admin | September 26, 2024 10:25 AM | Dr. S Jaishankar