ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদাম ক্ষেত্ৰত যোৱা ৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত তিনিদিনীয়া চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰে। আজি পুৱা উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই। ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰা এই শোভাযাত্রাত ৫০ টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সভাপতিত্বত অন্তিমখন মুকলি সভা অনুষ্ঠিত হয়। আজিৰ অন্তিম মুকলি অধিৱেশনত ম্যানমাৰৰ ৰাষ্ট্রদূত ঝাও অ’, তেওঁৰ পত্নী প’ৱিণ্ট নেও ৱাই, দেশখনৰ অৰ্থনৈতিক উপদেষ্টাগৰাকী, ঘানাৰ নতুন দিল্লীস্থিত কূটনীতিবিদ কজ’অ’চি এডু, মালাৱিৰ কূটনীতিবিদ যোচেফ এ কাৱিং, অৰুণাচল প্ৰদেশৰ মন্ত্ৰী গেব্রিয়েল ৱাংছ’কে ধৰি ভালেকেইগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। এই উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ ‘ছে ৰাই দয়’ উন্মোচন কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্তই। বিশিষ্ট সংগীত পৰিচালক যতীন শৰ্মাক আজি অসম কলাৰত্ন বঁটা, শিক্ষাবিদ তথা সাংস্কৃতিক কর্মী ড° অনিল শইকীয়াক জীৱনজোৰা শিল্প সাধনা বঁটা, দীনেশ গগৈক লোককৃষ্টি প্ৰজ্ঞা বঁটা, সুৰেখা বসুমতাৰীক ৰুদ্ৰসিংহ সমন্বয় বঁটা আৰু অশোক বৰদলৈক সংগীত শিৰোমণি বঁটা প্ৰদান কৰা হয়। সন্ধিয়া আহোম স্বৰ্গদেউসকলক শ্রদ্ধা জনাই বান ফি অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে।
Site Admin | January 11, 2025 8:10 PM | Assam | charaideu mahotsav