৮ জুলাইত প্রধানমন্ত্ৰী মোদীৰ ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ৮ জুলাইত ৪ দিনীয়া ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ’ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্রহণ উদ্দেশ্যে শ্রী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ’ব। দুয়োগৰাকী নেতাই সাম্প্রতিক আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থৰ্জৰিত বিভিন্ন বিষয় লৈ আলোচনা কৰিব। তাৰ পাছত প্ৰধানমন্ত্রী মোদী ৯ জুলাইত অষ্ট্ৰিয়ালৈ ৰাওনা হ’ব। এয়া হ’ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। ভ্ৰমণকালত শ্ৰী মোদীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱেন ডেৰ বেলেনক সাক্ষাৎ কৰি আৰু ছেঞ্চেলৰ কাৰ্ল নিহামাৰৰ সৈতে আলোচনাত মিলিত হ’ব। প্ৰধানমন্ত্ৰী আৰু ছেঞ্চেলাৰগৰাকীয়ে উভয় দেশৰ আগশাৰীৰ ব্যাৱসায়ীসকলকো সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে মস্কো আৰু ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতেও মত-বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক