৭ মে’ৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ডাক বেলটযোগে ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ

অহা ৭ মে’ত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি ডাক বেলটযোগে ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কামৰূপ মহানগৰ জিলা আয়ুক্তই প্ৰকাশ কৰা মতে, টুৱেল্ড-ডি প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰা লোকসকলৰ মাজৰ পৰা যোগ্যতাৰ ভিত্তিত বাচনি কৰা বিশেষভাৱে সক্ষম আৰু ৮৫ বছৰ উৰ্ধৰ লোকসকলৰ বাসগৃহত উপস্থিত হৈ ভোটগ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ এহেজাৰ ৫৪১ গৰাকী ৮৫ বছৰ উৰ্ধৰ ভোটদাতা থকাৰ বিপৰীতে কেৱল কামৰূপ মহানগৰ জিলাত এহেজাৰ ২২৪ গৰাকী এনে ভোটদাতা আছে। একেদৰে লোকসভা সমষ্টিটোত ৫৯৫ গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা আছে। আনহাতে, ২ মে’ৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী তথা অন্যান্য ব্যক্তিসকলৰ ডাক বেলটযোগে ভোটগ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে এইবাৰ দেশৰ নিৰ্বাচন আয়োগে ১১ টা বিভাগৰ কৰ্মচাৰীৰ বাবে ডাক বেলটযোগে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ডাক বেলট কোষৰ নডেল বিষয়া ড০ জীৱন কৃষ্ণ গোস্বামীয়ে প্ৰকাশ কৰা মতে ২ আৰু ৩ মে’ত গুৱাহাটী কমাৰ্ছ কলেজ, দিশপুৰ কলেজ আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ডাকবেলটযোগে ভোটগ্ৰহণ কৰা হ’ব। নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে ২ ৰ পৰা ৫ মে’ৰ ভিতৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়তো ভোটদান কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক