৭ মে’ৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দিতা

ৰাজ্যখনত তৃতীয় পৰ্যায়ত অহা ৭ মে’ত হবলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯, ৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব । ইয়াৰ ভিতৰত ৪১ লাখৰো অধিক পুৰুষ, ৪০ লাখৰো অধিক মহিলা আৰু ১১১ গৰাকী তৃতীয় লিংগৰ ভোটদাতা। ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে, বৰপেটা সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা ফণীভূষণ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ দীপ বায়ন, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰ, আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল কালাম আজাদেও সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব। বৰপেটা সমষ্টিত প্রায় ১৭ লাখ ভোটদাতা আছে। আনহাতে, কোকৰাঝাৰ লোকসভা সমষ্টিটোত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ ইউ পি পি এলৰ জয়ন্ত বসুমতাৰী, কংগ্ৰেছৰ গৰ্জন মুছাহাৰী আৰু তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে, ধুবুৰী সমষ্টিত এইবাৰ বিজেপি মিত্ৰজোঁটৰ হৈ অসম গণ পৰিষদৰ জাভেদ ইছলাম, কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতা কৰিছে ।

অধিক পঢ়ক

সকলো চাওক