ডাউনলোড
মোবাইল এপ

android apple
signal

৭ মে’ত হ’বলগীয়া ভোটগ্রহণৰ বাবে জিলা প্রশাসনসমূহৰ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ

৭ মে’ত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে ৪টা সমষ্টিৰ অন্তৰ্গত জিলা প্রশাসনসমূহে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাৰ ৯১০টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে। আনহাতে আটাইকেইখন জিলাতে কাইলৈ বিয়লি ৫ বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি ৫ বজা পর্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ভোটগ্ৰহণৰ বাবে জিলাখনক ১১৩টা ছেক্টৰত ভাগ কৰা হৈছে। নির্বাচন পৰিচালনাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া, অসামৰিক ছেক্টৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষী ছেক্টৰ বিষয়াসকলৰ লগত জিলা প্ৰশাসনে কালি বিয়লি নিৰ্বাচনৰ চূড়ান্ত প্রস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে। ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত হাতশিঙিমাৰীৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি জিলাখনৰ নিৰ্বাচনৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত ৪ শতাধিক বুথ পৰ্যায়ৰ বিষয়াক প্ৰশিক্ষণ দিয়া হয়। আনহাতে কোকৰাঝাৰ জিলাতো জিলা প্ৰশাসনে শেষ পৰ্যায়ৰ ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে সজাগতা কার্যসূচী অনুষ্ঠিত কৰিছে। ই ভি এমৰ ব্যৱহাৰ সম্পৰ্কত ভোটাৰসকলক নিৰ্দেশনা প্রদান কৰাৰ লগতে এই কাৰ্যসূচীত দুর্গম অঞ্চলৰ ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰা হয়।

অধিক পঢ়ক

সকলো চাওক