৭ মে’ত অসমকে ধৰি দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ ভোটগ্ৰহণ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ সামৰণি পৰিছে। প্ৰচাৰ অভিযানৰ অন্তিম মুহূৰ্তত সকলো ৰাজনৈতিক দলৰ নেতাই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হয় ৷ এই পৰ্যায়ত অহা ৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। পূৰ্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সংসদীয় সমষ্টিৰ ভোটগ্ৰহণৰ তাৰিখৰ সালসলনি হোৱাত তৃতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ সংখ্যা ৯৩ লৈ হ্ৰাস হয় । বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ এটাৱাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছক কোভিড বিষয়ৰ সন্দৰ্ভত কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয় যে, এই দলসমূহে কোভিডৰ সময়ত জনসাধাৰণৰ মাজত অপপ্ৰচাৰ চলোৱাৰ লগতে তেওঁলোকক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ বিপৰীতে তেওঁৰ চৰকাৰ আৰু বিজ্ঞানীসকলে প্ৰতিজন লোকৰ জীৱন বচোৱাৰ বাবে কঠোৰ চেষ্টা চলাইছিল বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ সীতাপুৰ আৰু অযোধ্যাত প্ৰচাৰ অভিযানত অংশ লয়। অযোধ্যাৰ ৰামললা মন্দিৰত তেওঁ দৰ্শন আৰু পূজা-অৰ্চনা কৰে । আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি অন্ধ্রপ্রদেশৰ হিন্দুপুৰ লোকসভা সমষ্টিৰ ধৰ্মকৰ্মত এন ডি এৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰী শ্বাহে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৮০ কোটি লোকে প্রধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া ৰেচন লাভ কৰাৰ লগতে ৫০ কোটি লোকে আয়ুষ্মাণ ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকাকৈ স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰিছে। তেওঁ জনসাধাৰণক দেশৰ ১৩০ কোটি লোকক বিনামূলীয়াকৈ কোভিড-১৯ ভেকচিন প্ৰদান কৰাৰ কথাও সোঁৱৰাই দিয়ে। শ্ৰী শ্বাহে অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীক উন্নয়নত অবহেলা কৰা তথা ৰাজ্যখনত বিনিয়োগ বৃদ্ধি অসমৰ্থ হোৱা বুলি সমালোচনা কৰে। তেওঁ লগতে কয় যে, বিভাজনৰ পাছত অন্ধ্ৰপ্ৰদেশৰ আন্তঃগাঁঠনি গঢ়ি তোলা চন্দ্ৰবাবু নাইডুৰ দৰে অভিজ্ঞ নেতাক ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিৰ্বাচিত কৰাটো দৰকাৰ। শ্ৰী শ্বাহে জনসাধাৰণক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য প্রাপ্তিৰ বাবে এন ডি এক ভোটদান কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে জনসাধাৰণক কেন্দ্ৰৰ এন ডি এ চৰকাৰে কৃষকৰ সমৃদ্ধিৰ হকে পোলাবৰম আৰু হান্দ্ৰি নীৱা প্রকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ সমৰ্থন আগবঢ়াব বুলিও আশ্বাস দিয়ে। জ্যেষ্ঠ বিজেপি নেতা তথা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে আজি বাদায়ুন জিলাত এটা ৰোড শ্ব’ত অংশ লয়। ইপিনে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ অবিনাশ পাণ্ডে এটা ৰেলীত ভাগ লয়। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদবে আগ্ৰা জিলাত প্ৰচাৰ চলায়।

বিজেপি নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ আজাৰাত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। ইফালে, ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এটা মটৰ চাইকেল ৰেলী উলিয়ায়। গুৱাহাটী লোকসভা সমষ্টিৰ জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা ভৱনলৈ এটা সমদল উলিওৱা হয়। এই সমদলত কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্র সিং, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বহু নেতা আৰু কৰ্মীয়ে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক