৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এ আই নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অহা ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এ আই নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াভাৱে জাৰি কৰা এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে নতুন শিক্ষা বৰ্ষৰ দুটা মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন চলি থকাত কিমান সংখ্যক ছাত্র-ছাত্রীক বিনামূলীয়া পাঠ্যপুথি ইত্যাদিৰ সুবিধা প্ৰদান কৰিব লাগিব সেয়া থিৰাং কৰাত শিক্ষা বিভাগ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ ফলস্বৰূপে বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ সকলো জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত, জিলা মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এ আই নামভৰ্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক