অহা ৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হ’ব। বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ ৰাধা গোবিন্দ ক্রীড়া প্ৰকল্পৰ কনকলতা ইন্দোৰ ষ্টেডিয়ামত খেলোৱা হ’ব। অসম বেডমিণ্টন সন্থাই প্ৰকাশ কৰা অনুসৰি অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ প্ৰায় ২৫০ খেলুৱৈৱে অংশগ্ৰহণ কৰিব। ইয়াৰে ১৫০ গৰাকী পুৰুষ আৰু প্ৰায় ১০০ গৰাকী মহিলা শ্বাটলাৰ। আনহাতে খেল পৰিচালক হিচাপে ৪১ গৰাকী কাৰিকৰী বিষয়া তথা ৰেফাৰী থাকিব। ৭ আৰু ৮ ছেপ্তেম্বৰত দলীয় শাখাৰ খেল, ৯ আৰু ১০ ছেপ্তেম্বৰত পুৰুষ-মহিলা তথা জুনিয়ৰ ল’ৰা- ছোৱালীৰ একক, ডাবলছ, মিক্সড ডাবলছ শাখাৰ খেলসমূহ খেলোৱা হ’ব। বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়া আৰু অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। প্রতিযোগিতাখন ১০ ছেপ্তেম্বৰত সামৰণি পৰিব।
Site Admin | September 4, 2024 7:24 PM | BADMINTON GUWAHATI