ডাউনলোড
মোবাইল এপ

android apple
signal

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ

৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ সময়ছোৱাত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। গণৰাজ্য দিৱসৰ পেৰেডৰ বাবেও ইতিমধ্যে অনুশীলন সম্পূর্ণ হৈছে। পূৰ্ব নিৰ্ধাৰিত ঘোষণা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সমগ্ৰ চহৰখনেই সুন্দৰভাৱে সজাই-পৰাই তোলা হৈছে। ইপিনে, খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসালয় খেলপথাৰত হ’বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। ইয়াৰ বাবে গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থাকে ধৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিৰাং জিলাতো গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে। জিলাখনৰ কাজল গাঁৱৰ পেৰেড গ্ৰাউণ্ডত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব। পেৰেডৰ অনুশীলন পর্যবেক্ষণ কৰি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত কয়, যে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত আৰক্ষী, সশস্ত্ৰ সীমা বাহিনীৰ উপৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ১৪টা দল সাজু কৰি তোলা হৈছে। গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত ভাৰত- -ভূটান সীমান্ত এলেকাকে ধৰি জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বৰপেটা জিলাত গণৰাজ্য দিৱসৰ অংশ হিচাপে হ’বলগীয়া মাৰ্চপাষ্টৰ বাবে অসম আৰক্ষীৰ বিভিন্ন বাহিনীৰ লগতে শিক্ষানুষ্ঠানৰ এন চি চিৰ কেডেটসকলে আখৰা অব্যাহত ৰাখিছে। বৰপেটা জিলাৰ পৌৰ সভাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গালোচাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। অনুষ্ঠানত চৰকাৰৰ বিভিন্ন বিভাগসমূহেও নিজ নিজ আঁচনি ৰূপায়ণ কাৰ্যাৱলী প্ৰদৰ্শন কৰিব।

অধিক পঢ়ক

সকলো চাওক