ডাউনলোড
মোবাইল এপ

android apple
signal

January 23, 2025 8:18 PM | Republic Day

printer

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত সেনা শক্তি প্ৰদৰ্শনৰ বাবে সেনা বাহিনী সম্পূৰ্ণ সাজু

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কৰ্তব্য পথত সেনা শক্তিৰ প্ৰদৰ্শন কৰাৰ বাবে সেনা বাহিনী সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ আগত মেজৰ জেনেৰেল সুমিত মেহতাই কয়, যে এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত যুদ্ধক্ষেত্ৰ নিৰীক্ষণ ব্যৱস্থা আৰু প্ৰতিৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা, ডি আৰ ডি অ’ৰ প্ৰলয় যুদ্ধ প্ৰণালী মুখ্য আকৰ্ষণ হ’ব। পেৰেডত ভাষ্ম টি নাইনটি টেংক, নাগ মিছাইল পদ্ধতি, বজৰংগ লাইট স্পেচিয়েলিষ্ট ভেহিকল, নন্দিঘোষ তৎকাল প্রতিক্রিয়া বাহিনী বাহন, ব্রাহ্মছ, অগ্নিবান, পিনাকা, আকাশ যুদ্ধ পদ্ধতিয়ে দেশৰ সেনা শক্তিক প্ৰদৰ্শন কৰিব। তদুপৰি শসস্ত্র বাহিনী, কেন্দ্ৰীয় শসস্ত্ৰ আৰক্ষী বাহনী, আৰু এন চি চিৰ দলে পেৰেডত অংশগ্ৰহণ কৰিব। ২৬ জানুৱাৰী দিনৰ চাৰে ১০ বজাৰ পৰা পেৰেড আৰম্ভ হ’ব আৰু ৯০ মিনিট ধৰি এই পেৰেড কাৰ্যসূচী চলিব বুলি মেজৰ জেনেৰেল গৰাকীয়ে প্ৰকাশ কৰে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবাৰো ছুবিয়াণ্টোই এইবাৰৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ পৰিপ্ৰেক্ষিতত ইণ্ডোনেছিয়াৰ সেনা আৰু বেণ্ডে গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল’ব। আকাশবাণীৰ বাতৰিৰ সৈতে ইণ্ডোনেছিয়া সেনাৰ ব্রিগেডিয়াৰ ক্রিষ্টোমেই ছিয়াগুৰিয়ে এটা আছুতিয়া সাক্ষাৎকাৰত কয়, যে পেৰেডত দেশখনৰ ৩৫২ গৰাকী সেনা জোৱানে অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ পেৰেডত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক প্রতিনিধিত্ব কৰা মুঠ ২৬ টা প্রতীকপটে দেশৰ সাংস্কৃতিক বিবিধতা প্ৰদৰ্শন কৰিব। স্বনিৰ্ম ভাৰত : বিৰাচত অউৰ বিকাশ মূল মন্ত্ৰৰে এই প্ৰতীকপটসমূহ নিৰ্মাণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক