বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ৬ দিনীয়া ভ্ৰমণ সূচিৰে কাইলৈৰ পৰা অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে ব্ৰিজবেনত অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো দুতাবাস উদ্বোধন কৰিব৷ ইয়াৰ উপৰিও তেওঁ কেনবেৰাত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে ১৫ সংখ্যক বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ সহ-অধ্যক্ষতা কৰিব। অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ৰাইচিনা ডাউন আণ্ডাৰৰ উদ্বোধনী অধিৱেশনত জয়সংকৰে মুখ্য ভাষণ প্ৰদান কৰিব । তেওঁ অষ্ট্ৰেলিয়াৰ নেতৃবৃন্দ, সংসদ সদস্য, ভাৰতীয় সম্প্ৰদায়ৰ সদস্য, ব্যৱসায়ী সমাজ, সংবাদ মাধ্যম আৰু বুদ্ধিজীৱীসকলৰ সৈতেও মত-বিনিময় কৰাৰ কথা৷ এই ভ্ৰমণৰ দ্বিতীয় পর্যায়ত ড০ জয়শংকৰে চলিত মাহৰ ৮ তাৰিখে আনুষ্ঠানিক কাৰ্যসূচীৰে ছিংগাপুৰলৈ যাব, য’ত তেওঁ আছিয়ান-ইণ্ডিয়া নেটৱৰ্ক অৱ থিংক টেংকৰ অষ্টম ঘূৰণীয়া মেজমেলত ভাষণ দিব। তেওঁ ছিংগাপুৰৰ নেতৃত্বকো সাক্ষাৎ কৰি দুয়োখন দেশৰ ঘনিষ্ঠ অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিব আৰু দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিৰ বাবে পথ অন্বেষণ কৰিব৷
Site Admin | November 2, 2024 6:15 PM | India-Australia | S Jayshankar