দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৯৬টা সমষ্টিত আজি পুৱা ৭ বজাৰে পৰা লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্রহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি দিনৰ ৫ বজা পর্যন্ত সমগ্ৰ দেশত ৬২. ৩-১ শতাংশৰো অধিক ভোটদান সম্পন্ন হৈছে। অন্ধ্ৰ প্ৰদেশত ৬৮ শতাংশৰ অধিক, বিহাৰত ৫৪ শতাংশৰ অধিক, জম্মু-কাশ্মীৰত প্ৰায় ৩৬ শতাংশ, ঝাৰখণ্ডত ৬৩. ১-৪, মধ্যপ্রদেশত ৬৮ শতাংশ, মহাৰাষ্ট্ৰত ৫২. ৪-৯, ওড়িশাত ৬২.৯-৬, তেলেংগানাত ৬১. ১-৬, উত্তৰ প্ৰদেশত ৫৬.৩-৫ আৰু পশ্চিম বংগত ৭৫. ৬- ৬ শতাংশ ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। নির্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধিৰ উদ্দেশ্যে তেলেংগানাত ১৭টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি ভোটগ্রহণ হোৱা ৯৬টা সমষ্টিৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৭১৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ ১৭৫ জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ ১৪৭ খন আসনৰ ২৮ খনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। চতুর্থ পৰ্যায়ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং, অৰ্জুন মুণ্ডা, জি কিষাণ ৰেড্ডী, অজয় কুমাৰ মিশ্র, জে ডি ইউৰ ৰাজীৱ ৰঞ্জন সিং, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, কংগ্ৰেছ নেতা অধিৰৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্র, শত্ৰুঘ্ন সিনহা আৰু এ আই এ এমৰ আছাদুদ্দিন ওৱেছি অন্যতম। চতুর্থ পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ১ লাখ ৯২ হাজাৰ ভোটগ্রহণ কেন্দ্ৰত ১৯ লাখৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে।
Site Admin | May 13, 2024 6:55 PM | Election update