৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি

■ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে আনুষ্ঠানিকভাবে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিল্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছ দলে ধলাই সমষ্টিৰ বাবে ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী সমষ্টিত সঞ্জীৱ ওৱাৰী, বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা আৰু চামগুৰি সমষ্টিৰ বাবে তানজিল হুছেইনৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।
কৰিমগঞ্জৰ জিলা আয়ুক্ত কাৰ্যালয়ত আজি ধলাই সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি পুৰকায়স্থই মনোনয়ন পত্ৰ দাখিল কৰিব। সমষ্টিটোত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে।
নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। বিজেপি আৰু কংগ্ৰেছ দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ হৈ সমষ্টিটোৰ ঠায়ে ঠায়ে প্ৰচাৰ অভিযান ক্ৰমাৎ ব্যাপক কৰি তুলিছে।
আনহাতে, ৩২ নম্বৰ বঙাইগাওঁ বিধানসভা সমষ্টিত শেহতীয়াকৈ অগপ দলৰ প্ৰাৰ্থী হিচাপে দীপ্তিময় চৌধুৰীৰ নাম চূড়ান্ত কৰা হৈছে।
ছিদলী বিধানসভা সমষ্টিত ইউপিপিএল দলে কালি নির্মল কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰে। একেদৰে, সমষ্টিটোত বিপিএফ দলেও শুদ্ধোধন বসুমতাৰীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এনে প্ৰেক্ষাপটত সংশ্লিষ্ট ৰাজনৈতিক দলসমূহে সমষ্টিটোত নির্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে বঙাইগাওঁ, ছিদলী, ধলাই, বিহালী আৰু চামগুৰি সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত উপ-নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক