কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ৫ বছৰৰ ভিতৰত ৱৰ্ধা-নন্দেড ৰে’ল প্রকল্প সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰিছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ জলসিঞ্চন ব্যৱস্থা অধিক সুচল কৰাৰ বাবে পেংগাংগা নদীক নদী সংযোগী প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হ’ব আৰু নাগপুৰ-মুম্বাই সমৃদ্ধি এক্সপ্ৰেছৱে যাৱতমাল জিলাৰ উমাখেডলৈকে সম্প্ৰসাৰণ কৰা হ’ব। কালি বিয়লি মহাৰাষ্ট্ৰৰ যৱতমল জিলাত মহজোটৰ এগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি গৃহমন্ত্ৰী গৰাকীয়ে এই কথা ঘোষনা কৰে। ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে যে কংগ্ৰেছে বিগত ৭০ বছৰ ধৰি উন্নয়নত বাধা আৰোপ কৰি আহিছে। তেওঁ ৱাকফ আইন সংস্কাৰৰ প্ৰয়োজনীয়তাও উল্লেখ কৰে।
Site Admin | November 16, 2024 11:00 AM | Amit Shah