অহা ৫ ফেব্ৰুৱাৰীত হ’বলগীয়া ৭০ জনীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে সকলো মুখ্য ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰসকলক আকৰ্ষিত কৰাৰ চেষ্টা পূর্ণোদ্যমে চলাই আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰেলী আৰু ৰোড শ্বত ভাগ লোৱাৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে আজি সন্ধিয়া নতুন দিল্লীত এটা ৰেলীত অংশগ্ৰহণ কৰিব। জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে মংগলপুৰী, নতুন দিল্লী আৰু দ্বাৰকা সমষ্টিত কেইবাখনো জনসভাত ভাগ ল’ব। একেদৰে নতুন দিল্লীৰ বিজেপিৰ সাংসদ বাঞ্চুৰী স্বৰাজে আজি সন্ধিয়া শ্বালীমাৰ বাগ বিধানসভা সমষ্টিৰ ভোটদাতাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰাক্তন বিজেপি সাংসদ লকেট চেটার্জীয়েও কৰোলবাগ আৰু কলকাজি সমষ্টিত প্ৰচাৰ চলাব।
আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয়া আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি নাজফগড়, উত্তমনগৰ আৰু দ্বাৰকা সমষ্টিত ৰোড শ্বত ভাগ ল’ব। আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে শালিমাৰবাগ, মংগলপুৰী, ছুলতানপুৰ মাজৰা আৰু নাঙলৈ জাট বিধানসভা সমষ্টিত কেইবাখনো জনসভা সম্বোধন কৰিব। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলীয় প্রার্থী জে পি পাণৱাৰৰ সমৰ্থনত মাডিপুৰত এটা বিশাল ৰোড শত ভাগ ল’ব।
Site Admin | January 24, 2025 5:38 PM | Delhi Election | Political News