ডাউনলোড
মোবাইল এপ

android apple
signal

৫ দিনীয়া ভ্ৰমণসূচীৰে নাইজেৰিয়া, ব্ৰাজিল আৰু গায়ানালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নাইজেৰিয়া, ব্রাজিল আৰু গায়ানাৰ পাঁচ দিনীয়া ভ্রমণসূচীৰে ৰাওনা হয়। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্রধানমন্ত্রীয়ে কয়, যে এয়া তেওঁৰ পশ্চিম আফ্ৰিকাত ভাৰতৰ ঘনিষ্ঠ সহযোগী নাইজেৰিয়াৰ প্ৰথম ভ্ৰমণ হ’ব। তেওঁ কয়, যে এই ভ্রমণে গণতন্ত্ৰ আৰু বহুত্ববাদৰ পাৰস্পৰিক বিশ্বাস আধাৰত দেশখনৰ সৈতে কৌশলগত সহযোগিতা গঢ়ি তোলাৰ সুযোগ প্ৰদান কৰিব। তেওঁ লগতে নাইজেৰিয়াত বাস কৰা ভাৰতীয় মূলৰ লোক আৰু নাইজেৰিয়া জনসাধাৰণো সাক্ষাৎ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। নাইজেৰিয়াৰ একাংশ জনসাধাৰণে প্ৰধানমন্ত্ৰীলৈ হিন্দী ভাষাত আদৰণি বাৰ্তা প্ৰেৰণ কৰিছে।
শ্ৰী মোদীয়ে এই ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ব্রাজিলত হ’বলগীয়া ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনত এইকা সদসা হিচাপে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ সফল অধ্যক্ষতাত জি-২০ ৰাষ্ট্ৰগোষ্ঠী জনসাধাৰণৰ জি-২০ গোট ৰূপে পৰিগণিত হৈছে আৰু গ্লোবেল ছাউথ ৰূপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ অগ্ৰাধিকাৰ সমূহো ইয়াৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। এই বছৰ ব্ৰাজিলে ভাৰতৰ ঐতিহ্য আগুৱাই লৈ গৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এই বাৰৰ শীৰ্ষ সন্মিলনৰ এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যতৰ দৃষ্টিভংগী অনুযায়ী অর্থপূর্ণ আলোচন হ’ব বুলি আশা প্রকাশ কৰিছে। প্রধানমন্ত্রীয়ে লগতে কয় কে, তেওঁ দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে বিভিন্ন দেশৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব।
শ্ৰী মোদীয়ে কয়, যে ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীৰ নিমন্ত্ৰণ মৰ্মে হাতত লোৱা এই ভ্রমণ, বিগত ৫০ বছৰত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম গায়ানা ভ্ৰমণ হ’ব। বৈঠকত দুয়োগৰাকী নেতাই উমৈহতীয়া ঐতিহ্য, সংস্কৃতি আৰু প্ৰমূল্যৰ ওপৰত আধাৰিত অনন্য সম্পর্ক কৌশলগত দিশ প্ৰদানৰ বিষয় লৈ আলোচনা কৰিব। শ্রী মোদীয়ে লগত ১৮৫ বছৰ পূৰ্বে দেশখনলৈ প্ৰব্ৰজন কৰা ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰিব আৰু দেশখনৰ সংসদক সম্বোধন কৰিব। ভ্রমণকালত প্রদানমন্ত্রীয়ে দ্বিতীয় ভাৰত-কেৰিকম শীৰ্ষ সন্মিলনৰ বাবে কেৰিবীয় সহযোগী ৰাষ্ট্ৰসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। শ্ৰী মোদীয়ে কৈছে যে এই শীর্ষ সন্মিলনে সেই দেশসমূহক ঐতিহাসিক সম্পৰ্কক নতুন ৰূপ প্ৰদানৰ আৰু নতুন নুতন ক্ষেত্ৰলৈ সহযোগিতা সম্প্ৰসাৰণৰ সুযোগ প্ৰদান কৰিব।

অধিক পঢ়ক

সকলো চাওক