● বজালী জিলাৰ পাঠশালাত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰে আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্ৰজ্বলন কৰে। কিছুসময়ৰ পূৰ্বে পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে।
সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত উলহ-মালহৰ পৰিবেশৰ সৃষ্টি হৈছে। সাহিত্য অনুৰাগী তথা অন্যান্য অতিথিসকলক আদৰাৰ বাবে পাঠশালাবাসী সাজু হৈছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ’ব। দুখন বাহনত প্রতীকী ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ’ব। এই ব্যতিক্রমী সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে শিল্পীসকল অহৰহ ব্যস্ত হৈ আছে। সাহিত্য সভাৰ অধিৱেশন এইবেলি প্ৰথমবাৰলৈ বাটৰ কবিতাৰ আয়োজন কৰা হৈছে। একেদৰে এইবাৰৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ দিহা কৰা হৈছে। বজালীৰ উৎপাদিত সামগ্ৰী, খাদ্য সম্ভাৰেৰে বজালী হাটৰো ব্যৱস্থা কৰা হৈছে। অধিৱেশনথলীত ৭৭ বর্গ ফুটৰ বৃহৎ জাপি সাজি উলিওৱা হৈছে। এই জাপিটো চোৱাৰ বাবে ইতিমধ্যে অধিবেশনথলীলৈ অগণন লোকৰ সমাগম হৈছে। এই অধিবেশনত সাহিত্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ১০০তকৈও অধিক প্রতিনিধিয়ে অংশগ্রহণ কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সাহিত্য সভালৈ গৈ গ্ৰন্থ ক্ৰয় কৰাৰ বাবে মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াসকলক ইতিপূর্বে আহ্বান জনাইছে।