ভাৰতে যোৱা নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত চলিত ৫ খনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ৰোমাঞ্চকৰভাৱে দুই উইকেটত পৰাস্ত কৰে। ভাৰতে ১৬৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ২ টা বলত ৮টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ তিলক বাৰ্মাই ৫৫টা বলত ৭২ ৰান কৰি আউট নোহোৱাকৈ থাকে । ৱাশ্বিংটন সুন্দৰে ১৯ টা বলত ২৬ ৰানৰ বৰঙণি আগবঢ়ায়। দলৰ বাকী কেইগৰাকী বেটছমেন ব্যর্থ হয়। তিলক বাৰ্মাক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰে৷ ইয়াৰ পূৰ্বে ইংলেণ্ডে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান কৰে। ইংলেণ্ডৰ হৈ অধিয়ানক জ’ছ বাটলাৰে সৰ্বাধিক ৪৫ ৰান কৰে। ভাৰতৰ অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে। এই জয়ৰ সুবাদত ভাৰত শৃংখলাত ২-০ ফলাফলেৰে আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয়খন খেল মঙলবাৰে গুজৰাটৰ ৰাজকোটত খেলোৱা হ’ব।
Site Admin | January 26, 2025 11:44 AM | india-england t20