ডাউনলোড
মোবাইল এপ

android apple
signal

December 22, 2024 11:44 AM | 55 GST Summit

printer

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৫৫ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কৰ আৰু গাঁথনিৰ পৰিৱৰ্তনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ৰাজস্থানৰ জেয়চেলমেৰত অনুষ্ঠিত বৈঠকখনত ক্ষুদ্র কোম্পানীসমূহৰ বাবে নতুন পঞ্জীয়ন প্রক্রিয়াত অনুমোদন জনোৱা হয়। তদুপৰি ৫০ শতাংশতকৈ অধিক চাদ থকা এ চি চি ব্লকত প্রযোজ্য জি এছ টি ১৮ৰ পৰা ১২ শতাংশলৈ হ্ৰাস কৰা হৈছে আনহাতে পেট্রল-ডিজেল চালিত আৰু বৈদ্যুতিকবাহনসহ পুৰণি আৰু ব্যৱহৃত গাড়ীৰ বিক্রীত পূৰ্বৰ ১২ শতাংশৰ সলনি ১৮ শতাংশ জি এছ টি প্রযোজ্য হ’ব। অৱশ্যে বীমাৰ ক্ষেত্ৰত জি এছ টি সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ’ব বুলি বৈঠকৰ অন্তত প্ৰকাশ কৰা হয়।

অধিক পঢ়ক

সকলো চাওক