৫২ দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কালি পঞ্জীয়ন আৰম্ভ হৈছে। তীর্থযাত্ৰীসকলে শ্ৰী অমৰনাথ তীর্থস্থান পৰিষদৰ ৱেবচাইট jksasb.nic.in. ৰ জৰিয়তে অনলাইন পঞ্জীয়ন কৰিব পাৰিব। তদুপৰি সমগ্ৰ দেশৰ ৫৪০ টাৰো অধিক পঞ্জীকৃত বেংক অথবা পঞ্চায়ত ভৱন, বৈষ্ণৱী ধাম আৰু মহাজন প্রেক্ষাগৃহৰ দৰে কেন্দ্ৰসমূহত অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব। সকলো তীর্থযাত্রীয়ে পঞ্জীয়ন কৰাটো আৰু স্বীকৃত চিকিৎসালয়ৰ পৰা স্বাস্থ্যৰ প্ৰমাণপত্ৰ জমা দিয়াটো বাধ্যতামূলক। প্ৰতিগৰাকী তীর্থযাত্ৰীৰ বাবে ২২০ টকাকৈ পঞ্জীয়ন মাচুল লোৱা হ’ব। অহা ৩ জুলাইত অনন্তনাগ জিলাৰ পেহেলগামৰ পৰা আৰু গান্দেবল জিলাৰ বালটলৰ পৰা অমৰনাথ যাত্ৰা আৰম্ভ হ’ব। ৯ আগষ্টত ৰাখী বন্ধনৰ দিনা এই যাত্ৰীৰ সামৰণি পৰিব।
Site Admin | April 15, 2025 2:14 PM | Amarnath Yatra
৫২ দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন আৰম্ভ
