ডাউনলোড
মোবাইল এপ

android apple
signal

৪.৫০ লাখ কোটিৰো অধিক টকাৰ ২৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰেৰে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সামৰণি

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ কালি সামৰণি পৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এডভান্টেজ আছামব প্রদর্শনী আজিৰে পৰা সাধাৰণ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হৈছে। এই বিনিয়োগ সন্মিলনত সৰ্বমুঠ চাৰে ৪ লাখ কোটি টকাতকৈ অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰা বুলি সন্মিলনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ইয়াৰে আঢ়ৈ লাখ কোটি টকা ব্যয় সাপেক্ষ প্রায় ২৭০ খন বুজাবুজিৰ চুক্তি ইতিমধ্যে স্বাক্ষৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ প্রচেষ্টাত অসমৰ চাহ উদ্যোগৰ বিকাশৰ বাবে অভিলাষী আঁচনি গ্রহণ কৰা হ’ব বুলি কালি সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে প্রকাশ কৰিছে। বিনিয়োগ সন্মিলনখনে বাজ্যৰ পৰ্যটন ক্ষেত্রকো উন্নতি বাটেৰে আগুৱাই নিব বুলি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এইবাৰৰ বাজেটত ঘোষণা কৰা ৫০টা নতুন পর্যটন স্থান আৰু ১০টা ঔদ্যোগিক হাবৰ ক্ষেত্ৰত অসমে অগ্রাধিকাৰ পাব বুলি শ্রীগোৱেলে বিনিয়োগ সন্মিলনখনৰ সামৰণি অনুষ্ঠানত ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক