ডাউনলোড
মোবাইল এপ

android apple
signal

May 19, 2024 12:50 PM | Vote Counting

printer

৪ জুনৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্রস্তুতি আৰম্ভ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে প্রস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল’বলৈ বৈঠকত মিলিত হৈছে। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা কার্য নিয়াৰিকৈ চলাই নিয়াৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ ৫০টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। স্ট্রং ৰূমসমূহত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ৬ গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্রথম পৰ্যায়ত ৰাজ্যখনৰ ৫টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। একেদৰে দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ৬১ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক