৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰ কালি অন্ত পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী লোকসভা সমষ্টিৰ ৰিটার্নিং বিষয়া সুমিত ছাত্তাৱনে ভোট গণনাত নিয়োজিত বিষয়াসকলক নিজৰ দায়িত্ব তথা কর্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ তিনিটা সমষ্টিৰ বাবে অহা ৪ জুনত তিনিটা ভোটগণনা কক্ষত ভোট গণনা কৰা হ’ব। ৫২ নং জাগীৰোড সমষ্টিৰ ৩২২টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ২৩টা ৰাউণ্ডত, ৫৩ নং লাহৰীঘাট সমষ্টিৰ ৩৩টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ২৪টা ৰাউণ্ডত আৰু ৫৪ নং মৰিগাঁও সমষ্টিৰ ২৬৬টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে ১৯টা ৰাউণ্ডত ভোটগণনা কৰা হ’ব। প্ৰতিটো ভোটগণনা কক্ষত ১৬খনকৈ মেচ থাকিব। জিলাখনৰ এই সমষ্টি তিনিটাৰ বাবে মুঠ ২১০ গৰাকী ভোটগণনাকাৰী বিষয়া-কৰ্মচাৰীক ইতিমধ্যে প্রশিক্ষণ দিয়া হৈছে। ডিফু লোকসভা সমষ্টিত ভোটগণনাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্রশাসনে ভোটগণনা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ক্ষেত্ৰলৈ পদপথ হিচাপে ঘোষণা কৰিছে ৷ ইফালে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্রশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। সেই অনুসৰি ভোটগণনা কেন্দ্ৰৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰা, শ্লোগান দিয়া, ভোটগণনা কেন্দ্ৰৰ ভিতৰত লাউডস্পীকাৰ ব্যৱহাৰ কৰা, ম’বাইল ফোন অথবা কেমেৰা লৈ কেন্দ্ৰত প্ৰৱেশ কৰা আদি কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে ভোটগণনাৰ দিনা প্ৰশাসনৰ অনুমতি অবিহনে কোনো প্রার্থী অথবা ৰাজনৈতিক দলে ৰেলী বাহিৰ কৰিব নোৱাৰিব আৰু ভোটগণনা কেন্দ্ৰৰ এক কিলোমিটাৰ দূৰত্বৰ ভিতৰত কোনো ব্যক্তিয়ে লাঠী বা আগ্নেয়াস্ত্ৰ লৈ ফুৰিব নোৱাৰিব বুলিও প্রশাসনে নির্দেশনা জাবি কৰিছে। তদুপৰি ৪ জুনত ভোটগণনা সম্পূৰ্ণ হোৱাৰ পাছত আতচবাজীৰ ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইফালে অহা ৪ জুনত হ’বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ জিলা প্ৰশাসনসমূহে ড্রাই ডে ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্রী, মজুতকৰণ আদি ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক