৪গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব। চাৰিগৰাকী বিধায়কে কাইলৈ দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ চাৰিজন বিধায়ক অসম কেবিনেটত অন্তর্ভুক্ত হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। নতুন মন্ত্ৰীসকল হ’ব ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা। মুখ্যমন্ত্ৰীয়ে বাৰ্তাযোগে মন্ত্রীসভাত নতুনকৈ অন্তর্ভুক্ত হ’বলগীয়া বিধায়ককেইগৰাকীক আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছে। ইফালে চাহ জনজাতি উন্নয়ন মন্ত্রী সঞ্জয় কিষাণে মন্ত্রী পদ ত্যাগ কৰে বুলি জানিব পৰা গৈছে।
Site Admin | December 6, 2024 12:51 PM | Assam Govt
৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে কাইলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ
