মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি বিয়লি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত আয়োজিত কার্যসূচীত ৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই ১৫৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া আমোলাপট্টী চাৰিআলি উৰণ সেতু, ৮৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া মানকটা পথ উৰুণ সেতু, ৭২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া লাহোৱাল-বৰডুবি-তিনিচুকীয়া পথ আৰু ৩৭ নম্বৰ পুৰণি ঘাইপথৰ সংযোগস্থল উৰণ সেতু, ৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া লেজাই কলাখোৱা পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰি ৰাজ্য চৰকাৰে ডিব্ৰুগড় জিলাৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে বুলি প্ৰকাশ কৰে। ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটত এই সন্দৰ্ভত লোৱা সিদ্ধান্ত বাস্তৱায়িত কৰাৰ দিশত এয়া বৃহৎ পদক্ষেপ বুলিও তেওঁ কয়। ডিব্ৰুগড়ৰ চহৰৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাৰ লক্ষ্যৰে লোকনিৰ্মাণ বিভাগে ইতিমধ্যে আমোলাপট্টী দিশৰ কনভয় ৰোড আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেতুখনৰ কাম ইতিমধ্যে ৮৩ শতাংশ সম্পূৰ্ণ হোৱা বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাট-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাম দ্ৰুতগতিত চলি থকাৰ কথা উল্লেখ কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই কাম সম্পূৰ্ণ হৈ উঠিব বুলি মন্তব্য কৰিছে। গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজৰ যাতায়াতৰ দূৰত্ব ৮ ঘণ্টাৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰাৰ বাবে এটা বিকল্প পথ নিৰ্মাণৰ বিষয়ে ৰাজ্য চৰকাৰে বিবেচনা কৰি থকা বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। ২০২৭ চনত অসম বিধানসভাৰ অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়, যে এই উদ্দেশ্যে আন্তঃগাঁথনি উন্নীতকৰণ, বিধায়কৰ আৱাসগৃহ নির্মাণ, অসম বিধানসভাৰ কাৰ্যালয়, মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সম্প্ৰসাৰণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে এখন চাহ মেলতো অংশ লয়। আজি তেওঁ ধেমাজি জিলাৰ জোনাই সম-জিলাৰ উন্নয়ন কাম-কাজ সম্পর্কে পর্যালোচনা কৰি বিবেকানন্দ কেন্দ্ৰৰ আনন্দলয়া ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
Site Admin | January 27, 2025 8:55 AM | Akashvani Guwahati | CM dibrugarh | CM Himanta Biswa Sarma
৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
