হাংগেৰীৰ বুডাপেষ্টত চলি থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দলটোৱে অপৰাজিত ধাৰা অব্যাহত ৰাখি মুকলি শাখাৰ নৱম ৰাউণ্ডত উজবেকিস্তানৰ বিৰুদ্ধে ২-২ গলত ড্র কৰে। ইয়াৰ লগে লগে ভাৰতে ১৭ পইণ্টেৰে পদক তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। ইফালে মহিলা শাখাত ভাৰতে আমেৰিকাৰ বিৰুদ্ধে ২-২ গলত ড্র হোৱাৰ পাছত ১৫ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হয়।
Site Admin | September 21, 2024 10:48 AM | Chess
৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দলটোৰ অপৰাজিত ধাৰা অব্যাহত
