ডাউনলোড
মোবাইল এপ

android apple
signal

৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ

● মহাকাশত ৯ মাহ অতিবাহিত কৰাৰ পাছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰে যাতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ মাজতো সহজে জীৱন ধাৰণ কৰিব পাৰে, তাৰবাবে মহাকাশচাৰী দুগৰাকীয়ে ৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ লৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি ভাৰহীন অৱস্থাত থকা মহাকাশচাৰী দুগৰাকীয়ে এই প্রভাৱৰ পৰা মুক্ত হোৱাৰ বাবে কঠোৰ শাৰীৰিক অনুশীলন কৰিব লাগিব। নামমাত্ৰ মধ্যাকৰ্ষণৰ মাজত থকাৰ বাবে মানৱ শৰীৰত ন ন প্ৰত্যাহ্বানৰ সৃষ্টি হয়।

ইয়াৰ ভিতৰত এৰ’বিক ক্ষমতা, মাংসপেশীৰ শক্তি, ভাৰসাম্যতা, সমন্বয়, হাড়ৰ ঘনত্ব আৰু নিউৰ’ ভেষ্টিবুলাৰ কাৰ্য প্ৰণালীজনিত সমস্যা অন্যতম। এই প্ৰভাৱৰ পৰা মুক্ত কৰাৰ বাবে মহাকাশচাৰী দুগৰাকীক তিনিটা পৰ্যায়ৰ পুনৰ্বাসন কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে।
ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। স্পেচ এক্সৰ ড্ৰেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা ৩ বাজি ২৭ মিনিটত গাল্ফ অৱ মেক্সিকোত অৱতৰণ কৰে। ইয়াৰ লগে লগে মহাকাশচাৰী দুগৰাকীয়ে স্পেচএক্সৰ ক্ৰু-নাইনৰ সৈতে আন দুগৰাকী মহাকাশচাৰী নাছাৰ নিক হেক আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্জুনৰ্ভৰ লগতে নিজৰ যাত্ৰা সমাপ্ত কৰে। সমুদ্ৰত অৱতৰণৰ পাছতে নাৱত অহা এটা উদ্ধাৰকাৰী দলে ড্রেগন যানখনক আন এখন জাহাজলৈ লৈ যায়। জাহাজখনত থকা এটা বিশেষ সঁজুলিৰে ড্ৰেগনক বান্ধি লৈ ষ্ট্ৰেচাৰৰ সৈতে উদ্ধাৰকাৰী দলৰ সদস্যই প্রথমে নিক হেক, আলেকজেণ্ডাৰ, সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয়। বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজুতিৰ বাবে বিগত বৰ্ষৰ জুনৰ পৰাই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ আন্তঃৰাষ্ট্ৰীয় মকাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছিল। দুয়োগৰাকী মহাকাশচাৰীয়ে নিৰ্ধাৰিত সময়ৰ তুলনাত ২৭৮ দিন বেছিকৈ অর্থাৎ ২৮৬ দিন মহাকাশত থাকে। ইয়াৰ পৰিৱৰ্তে যোৱা দেওবাৰে ক্রু-টেনৰ ৪ জন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দায়িত্ব গ্ৰহণ কৰে।

নাছাই আৱদ্ধ মহাকাশচাৰী দুগৰাকীক সুকলমে পৃথিৱীলৈ ঘূৰাই অনাক লৈ বিশ্বজুৰি জনসাধাৰণে আনন্দ প্রকাশ কৰিছে। ভাৰতৰ বিভিন্ন স্থানতো জনসাধাৰণ সুনীতা উলিয়ামছৰ প্ৰত্যাৱৰ্তনত উৎফুল্লিত হৈ আনন্দ উদযাপন কৰে।

অধিক পঢ়ক

সকলো চাওক