অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি কৰা হৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ে জাৰি কৰা নির্দেশনা অনুসৰি প্রার্থীসকলক অহা ৩ মাৰ্চৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রাথমিক বিদ্যালয়ৰ দুহেজাৰ ৯০০টা আৰু উচ্চ প্ৰাথমিকৰ ৬০০টা শিক্ষক প বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷
Site Admin | February 17, 2025 8:07 PM | Akashvani | Akashvani News | Assam Education
৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি
