ডাউনলোড
মোবাইল এপ

android apple
signal

July 15, 2024 8:02 PM | CM Appointment

printer

৪১ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি প্ৰদান ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে আজি এক লাখ নিযুক্তি প্ৰদানৰ অংশ হিচাপে ৪১ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্র বিতৰণ কৰে। লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী যোগ্য প্রার্থীক নিযুক্তি প্ৰদান কৰে। এই নিযুক্তি প্ৰদানৰ ফলত এইপ র্যন্ত ৯৭ হাজাৰ ৪৯৫টা পদত নিযুক্তি সম্পূর্ণ হয়। আনহাতে, অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত বিভাগটোত আৰু ১৩ হাজাৰ পদ পূৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বহিঃৰাজ্যৰ প্ৰাৰ্থীক চাকৰি দিয়াৰ বাতৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে অস্বীকাৰ কৰে।

অধিক পঢ়ক

সকলো চাওক