৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নিৰ্বাচনী সমাবেশত আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্ব’ত ভাগ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। শ্রীমোডীয়ে বিয়লি অন্ধ্র প্রদেশৰ ৰাজমপেট লোকসভা সমষ্টিত এটা সমাবেশক সম্বোধন কৰে। তেওঁ কয় যে খনিৰ পৰা খনিজাত সম্পদলৈ, প্ৰতিভাশালী খেতিয়কৰ পৰা বুধিয়ক যুৱ প্ৰজন্মলৈ, পর্যটন সম্ভাৱনাৰ পৰা উদ্যোগলৈ সকলো ক্ষেত্ৰত ৰায়লছিমাৰ অপাৰ সম্ভাৱনা আছে। অপাৰ সম্ভাৱনা সত্বেও ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে অঞ্চলটোৰ উন্নয়ন হোৱা নাই বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে । শ্ৰীমোডীয়ে ৱাই এছ আৰ কংগ্ৰেছে দুখীয়া জনসাধাৰণৰ উন্নয়নৰ পৰিৱৰ্তে মাফিয়া সৃষ্টি কৰা বুলি অভিযোগ তোলে। ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰৰ পতনৰ ক্ষণ গণনা আৰম্ভ হৈছে বুলি উল্লেখ কৰি শ্রীমোডীয়ে কয় যে এন ডি এ ৰায়লছিমাক সাফল্যৰ শিখৰলৈ লৈ যাব আৰু অন্ধ্ৰ প্ৰদেশৰ অভুতপূর্ণ উন্নয়ন সম্ভ কৰি তুলিব। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে এন ডি এ চৰকাৰ ক্ষমতালৈ আহিলে তেওঁলোকে সকলো জলসিঞ্চন প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব আৰু খেতিয়কসকলৰ জীৱন সলনি কৰিব। তেওঁ লগতে শাক- পাচলিৰ বাবে বিশেষ মজুতকৰণ আৰু খাদ্য প্ৰসংস্কৰণ গোট স্থাপন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। অবিভাজিত অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজমপেটৰ পৰা বিজেপি প্রার্থী এন কিৰণ কুমাৰ ৰেড্ডী, তেলেগু দেশম পাৰ্টীৰ ৰাষ্ট্ৰীয় সম্পাদক নাৰা লোকেশ, জন সেনাৰ জ্যেষ্ঠ নেতা কে নাগাবাবু আৰু এন ডি এ মিত্ৰজোঁটৰ ভালেকেইগৰাকী নেতা সমাবেশত উপস্থিত থাকে। পাছত শ্ৰীমোডীয়ে বিজয়ৱাড়াত এটা ৰোড শ্বত অংশ লয়। ৰোড শ্ব’ত তেলেগু দেশম পাৰ্টীৰ মুৰববী নাৰা চন্দ্ৰবাবু নাইডু আৰু জনসেনাৰ মুৰববী কে পৱন কল্যাণে প্রধানমন্ত্রীক সংগ দিয়ে। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ জালনাত এখন জনসভাত ভাষণ দিয়ে। ভাষণ প্রসঙ্গত গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষা, সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভূমিকাৰ আলোকপাত কৰে। মাৰাঠৱাড়া স্বাধীনতা মুক্তিযুঁজাৰুসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰীশ্বাহে বাসগৃহ, পানী, গেছ সংযোগ আৰু আয়ুষ্মান ভাৰত যোজনাৰ অধীনত স্বাস্থ্য সেৱাৰ লেখিয়া অত্যাৱশ্যকীয় সা-সুবিধা আগবঢ়াই ৮০ কোটি জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ প্ৰয়াসৰ ওপৰত আলোকপাত কৰে। শ্ৰীশ্বাহে লগতে আই এন ডি আই মিত্রজোঁটক তীব্র সমালোচনা কৰে। আই এন ডি আই মিত্ৰজোঁটৰ কোনো সংহত নীতি, কার্যসূচী অথবা নেতৃত্ব নাই বুলিও তেওঁ উল্লেখ কৰে। দেশৰ অন্যান্য অংশৰ লগতে বিহাৰতো লোকসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত অব্যাহত আছে। অন ডি এ আৰু মহা মিত্ৰজোঁটৰ নেতাসকলে দলীয় প্ৰাৰ্থীৰ হকে ঠায়ে ঠায়ে নিৰ্বাচনী সভা আৰু সমাবেশত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীয়ে কালি বেগুচৰাই সমষ্টিৰ মটিহানিত এখন নির্বাচনী সভাত অংশ লয়। শ্রীগাডকাৰীয়ে কয় যে একমাত্ৰ এন ডি চৰকাৰেহে দৰিদ্ৰতা, কর্মসংস্থাপনহীনতা আৰু ক্ষুধাৰ সমস্যা দূৰ কৰিব পাৰে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খেতিয়কসকলৰ কল্যাণৰ হকে অহৰহ কাম কৰি আছে আৰু এই উদ্দেশ্যে ভালেমান আঁচনি ৰূপায়ণ কৰিছে । মহা মিত্ৰজোঁটৰ আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁ দলৰ নেতাসকলেও ৰাজ্যখনৰ বিভিন্ন অংশত নির্বাচনী সভাত ভাগ লৈছে আৰু ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে কালি কাৰাকাৰ্ট সংসদীয় সমষ্টিত অকোঢ়ীগোলাত এখন জনসভাত ভাষণ দিয়ে। শ্ৰীযাদৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাল দিনৰ নামত জনসাধাৰণৰ সৈতে বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেন্দ্ৰত এন ডি এ চৰকাৰৰ ১০ বছৰ শাসন কালৰ পাছত নিবনুৱা সমস্যা বৃদ্ধি পাইছে। বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি এতিয়াও পূৰণ হোৱা নাই বুলি আৰ জে ডিৰ নেতাগৰাকীয়ে মন্তব্য কৰে। ইপিনে তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা পি পি চি দলৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে কয় যে বিজেপি আৰু বি আৰ এছে তেলেংগানাৰ বাবে একোৱেই কৰা নাই। আমৰুৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰি তেওঁ কয় যে বি আৰ এছৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৰ জনসাধাৰণক কংগ্ৰেছে দিয়া আশ্বাসৰ ৰূপায়ণক লৈ প্ৰশ্ন কৰাৰ কোনো অধিকাৰ নাই। পাছত তেওঁ নিজামাবাদত আন এটা ৰোড শ্বত ভাগ লয় ।

অধিক পঢ়ক

সকলো চাওক