ডাউনলোড
মোবাইল এপ

android apple
signal

৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ

শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰবাসীৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি তেজপুৰ সাহিত্য উৎসৱ-২০২৪ আৰম্ভ হৈছে। ৰাজ্যৰ সাহিত্য জগতৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ সাহিত্যিক, কলা-সাহিত্য অনুৰাগীৰ সমাৱেশেৰে ‘পৰিধি অতিক্ৰমী আকৌ এবাৰ’ শীৰ্ষক বিষয়বস্তুৰে এই সাহিত্য উৎসৱ অনুষ্ঠিত হ’ব। আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অৱসৰপ্ৰাপ্ত লেফটেণেণ্ট জেনেৰেল তথা সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতাই অংশগ্রহণ কৰিব। আনহাতে, সাহিত্য উৎসৱৰ দ্বিতীয় দিনা কাইলৈ হ’বলগীয়া আলোচনাচক্রত চলচ্চিত্র নির্মাতা তথা বিশিষ্ট চলচ্চিত্র সমালোচক উৎপল দত্তৰ লগতে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্রী ডাঃ জাহানাৰা বেগম আৰু ৰাজ্যিক বঁটাপ্রাপ্ত চিত্র নির্মাতা প্রদ্যুৎ কুমাৰ ডেকাৰ লগতে আন ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। শেষৰ দিনা লাবণ্য ভূঞা সোঁৱৰণী প্ৰাইজমানি কুইজ প্রতিযোগিতাৰ লগতে ‘বহুভাষিক কবিতা-গদ্যৰ অনুষ্ঠান’ অনুষ্ঠিত হ’ব। সন্ধিয়া শাস্ত্রীয় গীত-নৃত্যৰ অনুষ্ঠানেৰে সাহিত্য উৎসৱৰ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক