ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত অনুষ্ঠিত ৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিম খন খেলৰ আজি দ্বিতীয় দিনা আটাইকেইটা উইকেট হেৰুৱাই ২৬৩ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দলটোৰ ২৮ ৰানৰ অগ্ৰগতি অতিক্ৰম কৰি আলহী দলটোৱে দ্বিতীয় ইনিংছত ১৭১ ৰান সংগ্ৰহ কৰি ১৪৩ ৰানৰ অগ্ৰগতি লাভ কৰিছে।
ইয়াৰ পূৰ্বে নিউজিলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ২৩৫ ৰাণত প্ৰথম ইনিংছ সামৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচ্চেলে ৮২ আৰু উইল ইয়ঙে ৭১ ৰাণ কৰে। ভাৰতৰ হৈ স্পীনাৰ ৰবীন্দ্ৰ জাদেজাই পাঁচটা আৰু ৱাশ্বিংটন সুন্দৰে চাৰিটা উইকেট দখল কৰে। জাদেজাই কালিৰ প্ৰদৰ্শনৰ সুবাদত টেষ্ট জাহিৰ খান আৰু ঈশান্ত শৰ্মাক চেৰ পেলাই ক্ৰিকেটৰ ইতিহাসত দেশৰ হৈ পঞ্চম সর্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হয়।
Site Admin | November 2, 2024 7:42 PM | Cricket | New-Zealand-vs-India | SPORTS