ডাউনলোড
মোবাইল এপ

android apple
signal

৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ অসম গৌৰৱ সন্মানসমূহ প্ৰদান কৰা হ’ব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি কেইবাখনো গুৰুত্বপূর্ণ বৈঠকত অংশগ্রহণ কৰে। তেওঁ অহা ৩ এপ্ৰিলত হ’বলগীয়া অসামৰিক সন্মান প্ৰদান কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ লক্ষ্যৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। উল্লেখযোগ্য যে সমাজৰ প্ৰতি আগবঢ়োৱা প্ৰশংসনীয় সেৱাৰ স্বীকৃতি স্বৰূপে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকললৈ ৰাজ্য চৰকাৰে অসম বৈভৱ, অসম গৌৰৱ সন্মান আগবঢ়াই আহিছে। এই পৰম্পৰা অব্যাহত ৰাখি অহা ৩ এপ্ৰিলত ২০২৪ বৰ্ষৰ এই সন্মানসমূহ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৈঠকত এই কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। বৈঠকত সমিতিসমূহৰ প্রস্তুতিকে ধৰি বিভিন্ন বিষয়ৰ বুজ লৈ সমগ্ৰ অনুষ্ঠানটো যাতে নিয়াৰিকৈ সেই সন্দৰ্ভত তেওঁ যাৱতীয় নির্দেশনা প্ৰদান কৰে।
তেওঁ লোকসেৱা ভৱনত আয়োজিত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদৰ বৈঠকতো অংশগ্ৰহণ কৰে। বৈঠকত পূৰ্বৱৰ্তী পৰিষদীয় বৈঠকৰ পদক্ষেপৰ প্ৰতিবেদন, পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ সীমাৰ প্ৰকল্প ন্যায্যকৰণ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ পৰা সুৰক্ষা কৰাৰ বাবে অগৰাতলি ৰেঞ্জত প্রশমন ব্যৱস্থাকে ধৰি বহুকেইটা বিষযয়ত আলোচনা কৰা হয়। জৈৱ বৈচিত্ৰ সংৰক্ষণত গুৰুত্ব দি প্রকল্পসমূহ ৰূপায়ণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।
আন এখন বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ লগতে কৃষি বিভাগৰ মুখ্য অংশীদাৰ সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত জিলা উপৰি অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত ৪ হাজাৰ ৩২০ গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হ’ব আৰু যোৱাবছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা ১১ হাজাৰ ৫৯৪ খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু ২৫ হাজাৰ টকাকৈ উদগনিমূলক অনুদান আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীক গুণগত শিক্ষা দানৰ সংকল্পৰে চৰকাৰে ২০১৭ চনৰ পৰা অনুষ্ঠিত কৰি অহা গুণোৎসৱত এইবাৰ ৪৪ হাজাৰ ৭৭ খন বিদ্যালয়ৰ ৩৮ লাখ ৯৮ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ বিদ্যায়তনিক মূল্যায়ন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক