৩ৰ পৰা ৬ নবেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন

আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰৰ সপ্তম অধিৱেশন অহা ৩ নবেম্বৰৰ পৰা ৬ নবেম্বৰলৈ চাৰিদিনীয়া কাৰ্য্যসূচীৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। অধিৱেশনত শক্তিৰ উপলভ্যতা, নিৰাপত্তা আৰু সদস্য ৰাষ্ট্ৰসমূহক সৌৰ শক্তি গ্ৰহণ কৰি স্বনিৰ্ভৰশীল হ’বলৈ তথা সৌৰ শক্তিৰ প্ৰয়োগ ত্বৰান্বিত কৰিবলৈ বিত্ত সংগ্ৰহ কৰা আদি আই এছ এৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰা হ’ব। কেন্দ্ৰীয় নৱ আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী আৰু আই এছ এৰ সভাপতি প্ৰহ্লাদ যোশীয়ে নতুন দিল্লীত এক সংবাদ মেলত কয় যে, সৌৰ শক্তিৰ বিস্তৃত ব্যৱহাৰৰ বাবে আই এছ এৰ অধিৱেশনত বিশ্বৰ নেতাসকলক একত্ৰিত কৰা হ’ব। তেওঁ লগতে কয় যে, গোলকীয় উষ্ণতাৰ দৰে জ্বলন্ত সমস্যাৰ বিৰুদ্ধে যুঁজত সৌৰ শক্তিৰ আমূল ব্যৱহাৰ এটা শক্তিশালী অস্ত্ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আই এছ এৰ বিভিন্ন পদক্ষেপ তথা গোলকীয় জলবায়ু নিয়ন্ত্ৰণত ভাৰতৰ উল্লেখযোগ্য অৱদানৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ জনায় যে, নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, জলবায়ু নিয়ন্ত্ৰণ আৰু বহনক্ষমতা আদি বিষয়ত নেতৃত্বৰ বাবে ভাৰতক সমগ্ৰ বিশ্বই সমীহ কৰে।

অধিক পঢ়ক

সকলো চাওক