উত্তৰাখণ্ডৰ ডেৰাডুনত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লীন এণ্ড জাৰ্কৰ ৫৫ কিলোগ্রাম শাখাত ১৪৩ কিলোগ্রাম ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ স্পৰ্শ কৰিছে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উৰ পুৰুষৰ টাইজিকোৱন শাখাত অসমৰ হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কিলোগ্রাম শাখাত খুদ্রা পাং য়িং আৰু ৫৬ কিলোগ্রাম শাখাত ইলিনা ৰাভাই চেমিফাইনেলত প্ৰৱেশ কৰি তিনিটা পদক নিশ্চিত কৰিছে। ফুটবলত অসমে জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক ৩-২ গ’লত পৰাস্ত কৰে। অসমৰ মহিলা বেডমিণ্টন দল আজি চেমিফাইনেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এই শিতানৰ খেলসমূহ ইতিমধ্যে আৰম্ভ হৈছে। অসমে বেডমিণ্টনৰ উপৰি উন্মু, বক্সিং, শুটিং, চাইক্লিং, ছুইমিং, স্কোৱাচ আৰু ভাৰোত্তোলনত আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বক্সিঙত লাভলীনা বৰগোঁহায়ে পদক জয়ৰ চেষ্টা চলাব।
Site Admin | January 31, 2025 3:22 PM | SPORTS | Vijay Kumar | Vijay Kumar Equals National Record | Vijoy kumar national games 2025
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ছত্তীশগড়ৰ বিজয় কুমাৰে ভাৰোত্তোলনৰ ক্লীন এণ্ড জাৰ্কৰ ৫৫ কিলোগ্রাম শাখাত ১৪৩ কিলোগ্রাম ভাৰ উত্তোলন কৰি ৰাষ্ট্ৰীয় অভিলেখ
