উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ফুটবল দলে জয়ৰে অভিযান আৰম্ভ কৰিছে। অসমে কালি গ্ৰুপ পৰ্যায়ৰ এখন খেলত শক্তিশালী গোৱাক ৩-২ গ’লত পৰাস্ত কৰে। অসমে কালি উশ্বৰ জৰিয়তে এইবাৰৰ ৰাষ্ট্ৰীয় ক্রীড়াত প্ৰথমটো পদক অৰ্জন কৰে। ছানমা ব্ৰহ্মই উন্মুৰ পুৰুষৰ টাইজিকোৱন শাখাত অসমৰ হৈ ৰূপৰ পদক লাভ কৰে। একেদৰে মহিলাৰ ৪৫ কিলোগ্রাম শাখাত প্রীয়া বড়ো, ৭৫ কিলোগ্রাম শাখাত খুদ্ৰা পাং য়িং আৰু ৫৬ কিলোগ্ৰাম শাখাত ইলিনা ৰাভাই চেমিফাইনেলত প্ৰৱেশ কৰি তিনিটা পদক নিশ্চিত কৰিছে।অসমৰ মহিলা বেডমিণ্টন দল আজি চেমিফাইনেলত উত্তৰাখণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই শিতানৰ খেলসমূহ প্ৰায় ১০ বজাত আৰম্ভ হৈছে। অসমে বেডমিণ্টনৰ উপৰি উন্মু, বক্সিং, শ্বুটিং, চাইক্লিং, ছুইমিং, স্কোৱাচ আৰু ভাৰোত্তোলনত আজি প্রতিদ্বন্দিতা আগবঢ়াব। বক্সিঙত লাভলিনা বৰগোঁহায়ে পদক জয়ৰ চেষ্টা চলাব।
Site Admin | January 31, 2025 11:18 AM | 38th National Games | Assam | Indian Sports
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত টাইজিকোৱন শাখাত অসম দলৰ ছানমা ব্ৰহ্মৰ ৰূপৰ পদক লাভ
